শিৱসাগৰঃ শিৱসাগৰ জিলাৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পাৰ্মে আৰু জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই যোৱা ৫ ফেব্ৰুৱাৰীত জিলাখনৰ ম'ৰাবজাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু টেপৰ আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰে। তেখেতসকলে স্বাস্থ্য প্ৰতিষ্ঠান দুটাৰ নিয়মীয়া টীকাকৰণৰ ক্ষেত্ৰত কিমান হিতাধিকাৰী সামৰি লৈছে সেয়া নিৰীক্ষণ কৰাৰ লগতে বিষয়া-কৰ্মচাৰী সকলক সাক্ষাৎ কৰি হিতাধিকাৰীসকলে যাতে উপকৃত হয় তাৰ বাবে সকলোকে আহ্বান জনায়। অতিৰিক্ত উপায়ুক্তৰ এই পৰিদৰ্শন কালত DPMU ৰ সদস্যসকলো উপস্থিত আছিল। ইয়াৰ লগতে স্বাস্থ্য বিভাগৰ শাখা বিষয়া বৰ্ণালী খাটিৱৰাই থাওৰা দ'ল আয়ুস্মান আৰোগ্য মন্দিৰ, ডিমৌ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু কৈৱৰ্তদলনি আয়ুষ্মন আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰে। সহকাৰী আয়ুক্তগৰাকীৰ পৰিদৰ্শন কালত আটাইকেইটা স্বাস্থ্য প্ৰতিষ্ঠানৰ চিকিৎসক, সামূহিক স্বাস্থ্য বিষয়া তথা বিষয়া-কৰ্মচাৰীৰ লগত মত বিনিময় কৰাৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আটাইকেইটা গুৰুতত্বপূৰ্ণ সুচাংকৰ বিষয়ে বিতংকৈ আলোচনা কৰাৰ উপৰিও মাতৃ আৰু শিশু স্বাস্থ্যৰ উন্নতি, পুষ্টিৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে বুলি বিভাগীয় গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে জানিবলৈ দিছে ৷ আনহাতে বিষয়াগৰাকীয়ে নিয়ামীয়া টিকাকৰণৰো পৰ্য্যবেক্ষণ কৰে।