শিৱসাগৰঃ সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো ২৪ জানুৱাৰী, শুক্ৰবাৰে সংবিধান গৌৰৱ দিৱস পালন কৰা হয় । শিৱসাগৰ জিলা বিজেপিৰ উদ্যোগত আৰু অনুসূচিত জাতি মৰ্চাৰ জিলা সমিতিৰ সহযোগত আখৈফুটীয়াৰ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সাংস্কৃতিক বিকাশ কেন্দ্ৰত সংবিধান গৌৰৱ অভিযান দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা বিজেপিৰ সভাপতি বিতোপন ৰাইদঙীয়া এ ৷ সংবিধান দিৱসৰ ওপৰত জিলা সভাপতি বিতোপন ৰাইদঙীয়াই বিশেষ বক্তব্য আগবঢ়ায় । আনহাতে সভাত বিশেষভাৱে উপস্থিত থকা যোৰহাট জিলা বিজেপিৰ প্ৰাক্তন সভাপতি হেমন্ত কলিতাই সংবিধান গৌৰৱ অভিযানৰ ওপৰত বিশদভাৱে ভাষণ আগবঢ়ায় ৷ লগতে সভাত প্ৰাক্তন বিধায়ক কুশল দুৱৰী, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য সমীৰ গগৈ, পৌৰসভাৰ সভাপতি মৃণালী কোঁৱৰ, পৌৰসভাৰ প্ৰাক্তন সভাপতি মৃদুস্মিতা সিনহা, বিজেপি নেত্ৰী দীপিকা কাকতি দুৱৰীকে ধৰি বহু সংখ্যক নেতা-কৰ্মী উপস্থিত থাকে । ভাষণ প্ৰসংগত শিৱসাগৰ জিলা বিজেপিৰ নৱ-নিযুক্ত সভাপতি বিতোপন ৰাইদঙীয়াই কয় যে, আহিবলগীয়া বিধানসভা নিৰ্বাচত জিলাখনৰ অন্তৰ্গত কেওটা সমষ্টিতে বিজেপিয়ে নিজ দখললৈ আনিব । সভাত প্ৰায় ৫০০ গৰাকী দলীয়কৰ্মী উপস্থিত থাকে ।