অত্যাৱশ্যকীয় সেৱা ব্যৱস্থাপনা (অসম) আইন, ১৯৮০ৰ অধীনত যোৱা ১ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ চলিত বৰ্ষৰ ৩১ ডিচেম্বৰলৈকে আৰু ছয় মাহৰ বাবে ৰাজ্যখনত ধৰ্মঘট কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
উক্ত আইনৰ অধীনত ভাৰতীয় তেল নিগম, ভাৰতীয় তেল নিগমৰ অধীনস্থ গেছ খণ্ড আৰু তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড কৰ্মৰত বিষয়া, কৰ্মী, ঠিকা ভিত্তিক কৰ্মচাৰী, টেংকাৰ, গাড়ী চালক আৰু খালাচীসকল এই নিষেধাজ্ঞাৰ আওতাত থাকিব।
তদুপৰি যিকোনো তৈল ক্ষেত্ৰ, শোধনাগাৰ বা পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছে ধৰি পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ উৎপাদন, যোগান বা বিতৰণৰ লগত জড়িত যিকোনো প্ৰতিষ্ঠানৰ কৰ্মী সকলৰ ক্ষেত্রতো এই নীতি প্ৰযোজ্য হ'ব।