সমগ্ৰ শিক্ষা অসমৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা ৰ কপিলী শিক্ষা খণ্ডৰ অন্তৰ্গত দীঘলীআটী মণ্ডল সমল কেন্দ্ৰত ২৪ ডিচেম্বৰত শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়।

     ৰহা দীঘলীআটি মণ্ডল সমল কেন্দ্ৰত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ ওপৰত শিক্ষন শিকন সামগ্ৰী প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা ৰ দ্বাৰ ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী মুকলি কৰাৰ লগতে প্ৰায় ১০খন বিদ্যালয় ৰ শিক্ষক সকলে প্ৰস্তুত কৰা সঁজুলি সমূহৰ বিচাৰ কৰাৰ লগতে সেই সমূহৰ ব্যবহাৰ আৰু অৰ্হতাৰ বিষয়ে বিস্তৃত আলোচনা কৰে।

     প্ৰতিযোগিতা ত মুখ্য অতিথি ৰূপে কপিলী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক বিষয়া সুৰেশ সৰকাৰ উপস্থিত থকাৰ লগতে প্ৰতিযোগিতাত উৎকৃষ্ট মানৰ সঁজুলি তৈয়াৰ কৰা বিদ্যালয় সমূহক ট্ৰফি আৰু মানপত্ৰ ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষা ড° নিৰলা দেৱী আৰু মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক ৰুবুল কুমাৰ দাসে প্ৰদান কৰি পুৰস্কৃত কৰে।

    সমন্বয়ক ৰুবুল কুমাৰ দাসে জানিব দিয়ে যে অহাকালি ২৬ডিচেম্বৰত বিজয়ী বিদ্যালয় সমূহে খণ্ড প্ৰৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব।