কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা শৰাইঘাট সৰোবৰত আজি কামৰূপ জিলাৰ উপাযুক্ত কীৰ্তি জল্লী আৰু কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ৰ উপস্থিতিত এটি বিৰল প্ৰজাতিৰ কাছ মুকলি কৰা হয়। নৰ্থ গুৱাহাটী জাৰ্ণেলিষ্ট ফ'ৰামৰ সভাপতি তথা বন্যপ্ৰাণী প্ৰেমী ৰঞ্জন দত্তই এগৰাকী কৃষকৰ সহযোগত এই কাছটো উদ্ধাৰ কৰিছিল । কাছটো মুকলি কৰাৰ সময়ত জ্যেষ্ঠ সাংবাদিক লক্ষ্মী ডেকা,গোবিন্দ দাস

মুনিন ডেকা, কৌশিক দাসৰ লগতে প্ৰকৃতিপ্ৰেমী বহু ব্যক্তি উপস্থিতি থাকে।