শিৱসাগৰঃ- -অসমৰ সৰ্ববৃহৎ নাট্য সংগঠন অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাখনি হিন্দু ধৰ্ম্মসভা নামঘৰ প্ৰেক্ষাগৃহত সফলতাৰে সম্পন্ন হৈ যায় ৷ অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ সভাপতি অনঙ্গ মোহন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱাৰ লগতে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে সম্পাদক অমৃত কুমাৰ শৰ্মায়ে ৷ সভাত পৰ্য্যবেক্ষকৰূপে উপস্থিত থাকি কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য তথা শিৱসাগৰ জিলা অসম নাট্য সন্মিলনৰ সভাপতি সঞ্জীৱ বৰা এ নাট্যকৰ্মীসকলক উদ্দেশ্যি তত্বগধূৰ মন্তব্য দাঙি ধৰে ৷ লগতে তেওঁ হাঁহচৰাত অনুষ্ঠিত হ’বলগীয়া মাণ্ডলীক পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলোৱা শিৱসাগৰ শাখাৰ নাট্যদলটিক আন্তৰিক শুভকামনা জ্ঞাপন কৰে ৷ সভাত যুৱ নাট্যকৰ্মী পাৰ্থ প্ৰতিম শৰ্মা, বিৰিঞ্চি বৰা আদিয়ে নিজৰ অনুভৱ ব্যক্ত কৰে ৷ আনহাতে জ্যেষ্ঠ নাট্যকাৰ, অভিনেতা, পৰিচালক ড০ মণি পাঠক সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে ৷ উল্লেখযোগ্য যে, কেইবাগৰাকীও যুৱ নাট্যকৰ্মী উপস্থিত থকা উক্ত সভাতেই বিভিন্ন আলোচনাৰ অন্তত সৰ্বসন্মতিক্ৰমে জিলা সভাপতি সঞ্জীৱ বৰা আৰু কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য লক্ষীমণি বৰাক মুখ্য উপদেষ্টা, অৰুণ বৰঠাকুৰ, অনঙ্গ মোহন শৰ্মা, ড০ মণি পাঠক, ক্ষীৰোদ কুমাৰ বৰদলৈ, অনামিকা কলিতা, জিতেন কাকতি, অৰবিন্দ বৰুৱা, দীপক বৰঠাকুৰ, মানসী বৰাক উপদেষ্টা, অমৃত কুমাৰ শৰ্মাক সভাপতি, নৱজ্যোতি হাজৰিকাক কাৰ্য্যকৰী সভাপতি, বৰ্ণালী হাজৰিকাক উপ-সভাপতি, পৰী শইকীয়াক সম্পাদক, স্মৃতি শৰ্মা আৰু মনোজ দত্তক সহকাৰী সম্পাদক, ধীৰাজ দত্তক কোষাধ্যক্ষ, বিৰিঞ্চি বৰা আৰু দেৱজানী ৰাজখোৱাক সাংগঠনিক সম্পাদক, জ্ঞানশিখা দাস আৰু ত্ৰিবেণী কাকতিক প্ৰচাৰ সম্পাদক, জয়ন্ত বেজ, পৰাগ দাস, পাৰ্থ প্ৰতিম শৰ্মা, অংকুৰীমা বৰুৱা, তৰ্পিত গগৈ, ভাৰ্গৱ কোঁৱৰ, ৰাহুল বৰুৱা, হৰ্শিৱ দত্ত আদি কেইবাগৰাকীও নাট্যকৰ্মীক সদস্য হিচাপে লৈ আগন্তুক ২০২৫-২৬ বৰ্ষৰ অসম নাট্য সন্মিলন, শিৱসাগৰ শাখাৰ নতুন সমিতিখন গঠন কৰা হয় ৷ উল্লেখযোগ্য যে, নৱ-নিৰ্বাচিত সভাপতি অমৃত কুমাৰ শৰ্মা আৰু সম্পাদক পৰী শইকীয়া এ নৱপ্ৰজন্মক নাট্য জগতখনৰ সৈতে জড়িত কৰাৰ ক্ষেত্ৰত সভাত উপস্থিত সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৷