সদ্য ঘোষিত অসম লোকসেৱা আয়োগ পৰীক্ষা ফলাফলত ৰহাৰ তিনি সন্তান ক্ৰমে দীপজ্যোতি ডেকা,খনিন্দ্ৰ নাথ আৰু প্ৰিয়ংকা ৰানী ৰয়ে (চাপৰমুখ) গৌৰৱ কঢিয়াই অনাৰ বাবে ৰহা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ,মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, ৰহা কেন্দ্ৰীয় ৰাস মহোৎসৱ উদযাপন সমিতি, ৰহা ৰহদৈ বাৰোবাৰী যুব মঞ্চ দুৰ্গা পুজা,ৰহা আঞ্চলিক সাংবাদিক সন্থা সহ বিভিন্ন দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে তিনিও জনক সম্বৰ্ধনা জনাই অহাৰ সমান্তৰালকৈ আজি ৰহা চাপৰমুখ কলাজ ক্ষুদ্ৰ সঞ্চয় সমিতিৰ সভাপতি অনুজ কুমাৰ শৰ্মা আৰু সম্পাদক মিলা ৰাম নাথ সহ সমিতিৰ সদস্য সকল এপিএচচি ত ৩য়স্থান পাই গৌৰৱ কঢিয়াই অনা ৰহা ৰজাগাওঁ নিবাসী বিৰেন নাথ আৰু সবিতা নাথৰ পুত্ৰ খনিন্দ্ৰ নাথৰ ঘৰত উপস্থিত হৈ এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই শুভেচ্ছা জ্ঞাপন কৰে ।
ৰহা:- কলাজ ক্ষুদ্ৰ সঞ্চয় সমিতিয়ে সম্বৰ্ধনা জনালে এপিএচচিত ৩য় স্থান পাই গৌৰৱ কঢিয়াই অনা খনিন্দ্ৰ নাথক।
![](https://storage.googleapis.com/nerity.com/uploads/updates/photos/2024/12/nerity_155ea973f8aaa32f99b55ef02f5b810e.jpg)