অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য আজি বিভিন্ন কাৰ্য্যসূচী লৈ ৰহাত উপস্থিত হয়।
ৰাজ্যপাল গৰাকী নিজৰ ভ্ৰমন কালত প্ৰথমে ৰহাৰ বগলাজানত উপস্থিত হৈ ৰহা কামপুৰ পথৰ কপিলী নদীৰ খহনীয়া অংশ আৰু এই বছৰ কপিলী নদীৰ বানৰ পিছত বগলাজানত ৰহা কামপুৰ পথটো সম্পুৰ্ণ ভাবে বহি গৈ যাতায়ত ৰ বাবে বন্ধ হৈ পৰে এই গৰাখহনীয়া পৰিদৰ্শন কৰাৰ পাছত ৰাজ্যপালগৰাকী বাহাকাবাৰী বান বিধ্বস্ত ৰাইজৰ লগত কথা পাতি সুবিধা অসুবিধা ৰ বুজ লোবাৰ পাছত ৰাজ্যপাল গৰাকী পথাৰৰ মাজে মাজে খোজকাঢি গৈ বগলাজান পঞ্চায়তৰ ধেমাজী গাঁৱত অমৃত সৰোবৰ প্ৰকল্প পৰিদৰ্শন কৰে আৰু তাৰ পাছত বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰী ৰ সৈতে বাৰ্তালাপ কৰে ৰাজ্যপাল গৰাকী ৰহা চাপৰমুখ পথৰ মাজত স্থিত তিনিসুঁতিত উপস্থিত হয় আৰু তাৰ পাছত নগাঁও লৈ ৰাওনা হৈ ৰাজ্যপাল।
ৰাজ্যপাল গৰাকী ৰ লগতে ৰহা সমষ্টি ৰ বিধায়ক শশীকান্ত দাস, নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ স্বাহ,ৰহা সম জিলা আয়ুক্ত, প্ৰশাসনৰ বিষয়া উপস্থিত থাকে।