কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক ই ডিয়ে তলব কৰাক লৈ আজি দিছপুৰ গণেশ মন্দিৰ ৰঙ্গমঞ্চ চৌহদত কংগ্ৰেছে সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিব। 

আজি ই ডি কাৰ্যলয়ত পুনৰ হাজিৰ হ'ব লাগিব ছোনিয়া গান্ধী আৰু ইয়াৰ বিৰুদ্ধাচৰণ কৰিয়েই দেশজুৰি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিব। 

উল্লেখ্য যে ইয়াৰ পূৰ্বেও এদিন দিল্লী ED কাৰ্যলয়ত ঘণ্টা ঘণ্টাজোৰা জেৰাৰ সন্মুখীন হৈছিল ছোনিয়া গান্ধী। 

ৰাতিপুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা দিনজোৰা সত্যাগ্ৰহ কাৰ্যসূচীত উপস্থিত আছে কংগ্ৰেছৰ সভাপতি, বিধায়ক, সাংসদসকলৰ লগতে বিভিন্ন স্থানৰ কংগ্ৰেছ প্ৰতিনিধি।