মাজুলী জিলা অধিবিদ্যা পৰিষদৰ দ্বি বাৰ্ষিক অধিৱেশন আৰু প্ৰতিনিধি সভা মাজুলীৰ হেমচন্দ্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় ৷
এই উপলক্ষে অনুষ্ঠিত মুকলি সভাত মাজুলীৰ বিভিন্ন স্থানৰ পৰা অহা শিক্ষক সকলে অংশগ্ৰহণ কৰে ৷ সভাখনত নতুন শিক্ষানীতি , ৰাজ্যৰ শিক্ষাৰ মান আদি বিষয় বোৰৰ ওপৰত আলোচনা কৰা হয় ৷