"শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন

       ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।"

    সমগ্ৰ ৰাজ্যৰ লগতে বৃহতৰ ৰহা চাপৰমুখ ত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ চলি থকাৰ সমান্তৰালকৈ সামাজিক,সাংস্কৃতিক অনুষ্ঠান সুবাস ৰহাৰ উদ্যোগত আৰু ৰহা বজাৰ সমূহ ব্যবসায়ী সন্থাৰ সৌজন্যত ৩য় বাৰ্ষিক শ্ৰীকৃষ্ণ মহালীলা অহা ৩০নবেম্বৰত উদযাপন কৰা হব।

     সুবাস ৰহাৰ উদ্যোগতা সকলে জানিব দিয়া অনুসৰি অহাকালি পূবা ৫বজাত পৰিবেশ নিকাকৰণ,৮বজাত ধৰ্মধব্বজা উওোলন কৰিব ৰহা মহাবিদ্যালয় ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষা দ্বিপ্তী দেবী শৰ্মা, ৮.৩০বজাত স্মৃতি তৰ্পন,১০বজাত শৰাই অৰ্পন আৰু নাম প্ৰসংগ,বিয়লী ৫বজাত গানিকা পদৰ্শন, পৰিবেশন কৰিব দীঘলদৰি ৰাসমন্দিৰ গানিকা দলে।

     ৫.৪৫মিনিটত বন্তি প্ৰজ্বলন কৰিব ৰহা পৌৰসভাৰ পৌৰপতি বন্তি হাজৰিকা, ৬বজাত মঞ্চ উদ্বোধন কৰিব ৰহা পৌৰসভাৰ উপ পৌৰপতি তথা প্ৰাক্তন শিক্ষয়ত্ৰী অনিমা দাসে,৬.৩০বজাত নিমন্ত্ৰীত অতিথি সকলৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পাছত সন্ধ্যা ৭বজাৰ পৰা আৰম্ভ হব শ্ৰীকৃষ্ণ মহা ৰাসলীলা।

   সুবাসৰ উদ্যোগতা সকলে সমূহ ৰাজ্যৰ উপস্থিতি ৰ কামনা কৰিছে।