স্বাধীনতা ৭৫ টা বছৰৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ ডিব্ৰুগড় জিলাৰ এখন গাওঁত অনুষ্ঠিত কৰা হল দেশৰ স্বাধীনতা দিৱস। ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ শলগুৰি টিপমীয়া পঞ্চায়তৰ অন্তৰ্গত গাওঁখনৰ নাম হৈছে ৩ নং শালমাৰী হাতীগড়।

ৰাজ্য অন্যান্য প্ৰান্তৰৰ সমান্তৰালকৈ ১৫ আগষ্ট দিনাৰ অঞ্চলটোৰ ৯২ বছৰীয়া বয়োজেষ্ঠ ব্যক্তি জিলদুচ চামাদে দেশৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে।গাওঁখনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱাৰ এই অনুষ্ঠানত আসাম ট্ৰিবিউন কাকতৰ ডিব্ৰুগড়ৰ সাংবাদিক পৰেশ আণ্ডেৰ মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ভাৰতীয় স্বাধীনতা আন্দোলনৰ ত্যাগ আৰু তাৎপৰ্য সৰ্ম্পকত বহল ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত অঞ্চলটোৰ ভীমসেন আইণ্ড, চীমন লুগুন জেৰাল্ড চামাদকে ধৰি কেইবাগৰাকী জেষ্ঠ নাগৰিকে অংশগ্ৰহণ কৰে। পুৱাভাগৰে পৰা আৰম্ভ হোৱাৰ এই অনুষ্ঠানত গাওঁখনৰ ৩৫০ জন নাগৰিকে অংশগ্ৰহণ কৰি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সহযোগিতা আগবঢ়ায়।