নলবাৰী জিলাৰ বানেকুছিস্থিত জৱাহৰ নবোদয় বিদ্যালয়ত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। শিক্ষকৰ নিৰ্যাতন সহিব নোৱাৰি বিদ্যালয়খনৰ হোষ্টেলৰ ভিতৰত এগৰাকী ছাত্ৰীয়ে আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

আত্মহত্যাৰ চেষ্টা চলোৱা ছাত্ৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত মঙলবাৰে বিয়লি তদন্ত চলোৱাৰ বাবে বিদ্যালয়খনত মানৱ অধিকাৰ আয়োগৰ এটা সজাতি দল উপস্থিত হোৱাৰ পিছতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

জিলাখনৰ বানেকুছিত অৱস্থিত জৱাহৰ নবোদয় বিদ্যালয়ৰ অধ্যক্ষ অজিত কুমাৰৰ সু-পৰিচালনাৰ অভাৱত এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

অৱশ্যে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে বিদ্যালয়খনৰ অধ্যক্ষ অজিত কুমাৰে।