ৰহা নতুনচাৰিআলী নিবাসী অশোক কুমাৰ আৰু সোনালী হাজৰিকাৰ পুত্ৰ তথা ডি পি এচ নগাঁও ৰ প্ৰথম শ্ৰেণী ৰ ছাত্ৰ ৰিয়ান হাজৰিকাই গুৱাহাটী দিছপুৰত অসম স্পিড স্কেটিং এচোচিয়েচন ৰ উদ্যোগত ১৬ আৰু ১৭ নবেম্বৰত অনুষ্ঠিত সদৌ অসম স্পিড স্কেটিং চেম্পিয়নশ্বিপ ২০২৪ৰ ৩০০ আৰু ১০০০মিটাৰ স্কেটিংত দুটাকৈ সোনৰ পদক লৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হয়।

       ইয়াৰ আগতেও কনমানি ৰিয়ানে স্পিড স্কেটিংত সোন,ৰুপ আৰু ব্ৰোঞ্জ ৰ পদক লৈ গৌৰৱ কঢিয়াই আনিবলৈ সক্ষম হৈছিল।