ধেমাজি ২৬জুলাই,ধেমাজি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ অনুষ্ঠিত হয়,72 Assam Girls Independent Coy NCC, ৰ ধেমাজি বালিকা মহাবিদ্যালয় ৰ NCC গোটৰ সহযোগী বিষয়া লেফটেনেন্ট কল্যাণী কোঁৱৰ আৰু কেডেট সকলৰ লগতে ধেমাজি মহাবিদ্যালয় ৰ ৪ Assam Battalion ৰ NCC ৰ ছাত্ৰ গোটৰ কেডেট সকলে ৰক্তদান কৰে ।জিলা আচনি প্ৰৱন্ধক এঞ্জেলিনা চাংমাই আৰু বহুমুখী স্বাস্থ্য কৰ্মী কুসুম্বৰ দত্তৰ সহযোগত আয়োজন কৰা অনুষ্ঠান টিত ধেমাজি জিলাৰ মহকুমা চিকিৎসা আৰু স্বাস্হ্য বিষয়া ডা০ যোগেন দাস, ধেমাজি অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকৰ তত্বাৱধায়ক ডা০ যতিন্দ্ৰ মৰাণ, চিকিৎসা ও স্বাস্হ্য বিষয়া ডা০ বিপুল ৰংহাং, ধেমাজি অসামৰিক চিকিৎসালয়ৰ লেবৰেটৰী টেকনিচিয়ান জ্যোতিস্মৃতা দত্ত, কিশোৰ বৰগোহাঁই, ষ্টাফ নাৰ্চ লিলি শইকীয়াৰ লগতে কেইবাজনো চিকিৎসা কৰ্মীয়ে অনুষ্ঠান সহায় সহযোগিতা আগবঢ়াই।।
72 assam girls independent coy NCCআৰু8 assam battalion NCC উদ্যোগত ধেমাজি অসামৰিক চিকিৎসালয়ত ৰক্তদান শিবিৰ

