নতুন দিল্লী, ১৬ আগষ্ট। দেশক বিভাজন কৰিবলৈ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। এই অভিযোগ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ। মঙলবাৰে এক টুইটযোগে গান্ধীয়ে ১৫ আগষ্টৰ ক্ষণত নেচনেল হেৰাল্ডত দলৰ সভাপতি ছোনিয়া গান্ধীয়ে লিখা প্ৰবন্ধটো প্ৰাসংগিক বুলি অভিহিত কৰে।

গান্ধীয়ে কয় যে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে আধিপত্যবাদী শাসনৰ দ্বাৰা উদ্ভৱ হোৱা ধাৰণাবোৰক আলোকপাত কৰিছে এই প্ৰবন্ধৰ জড়িয়তে। বৰ্তমান দেশত জাতীয়তাবাদ, গৌৰৱ গঢ়াৰ পৰিৱৰ্তে কুসংস্কাৰৰ বিষবাষ্প বিয়পাবলৈ চেষ্টা কৰা হৈছে। উল্লেখযোগ্য যে ১৫ আগষ্ট উপলক্ষে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে নেচনেল হেৰাল্ডত বৰ্তমানৰ মোডী চৰকাৰক সমালোচনা কৰি এটা প্ৰবন্ধ লিখিছিল। ছোনিয়া গান্ধীয়ে তেওঁৰ প্ৰবন্ধত লিখিছিল যে দেশত মত প্ৰকাশৰ স্বাধীনতাক আক্ৰমণ কৰা হৈছে। সংবাদ মাধ্যমক দমন কৰা হৈছে আৰু বৰ্তমানৰ চৰকাৰে ক্ষমতা লাভৰ বাবে অগণতান্ত্ৰিক আৰু অনৈতিক পদ্ধতি গ্ৰহণ কৰি আছে।