শিৱসাগৰঃ শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ মাখন চন্দ্ৰ কলিতাই ৩ অক্টোবৰ, বৃহস্পতিবাৰে শিৱসাগৰ আদৰ্শ চিকিৎসালয়ত জিলা ভিত্তিক "Tobacco Free Youth Campaign 2.0" ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে । এই সভাত ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ আঁচনিৰ নডেল বিষয়া ডাঃ দিপামণি শইকীয়াই সভাত উপস্থিত সকলো স্বাস্থ্য বিষয়াক পি পি টি উপস্থাপন কৰি এক প্ৰশিক্ষণ দিয়ে । আয়ুসৰ জিলা আঁচনি প্ৰৱন্ধক কল্যাণ বৰুৱাই কিদৰে শিৱসাগৰৰ উঠি অহা প্ৰজন্মক ধপাতমুক্ত কৰি ৰাখিব পাৰি তাৰ সন্দৰ্ভত এক মনোগ্ৰাহী ব্যক্তব্য দাঙি ধৰে । আনহাতে উল্লেখযোগ্য যে, ইতিমধ্যে যোৱা ২০২৩ চনৰ ৩১ মে’ৰ পৰা ৬০ দিনীয়া ধপাতমুক্ত যুৱ সমাজৰ অভিযান সুকলমে সমাপ্ত হৈছিল বুলি বিভাগীয় কতৃপক্ষই জানিবলৈ দিছে ৷ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৪-৩০ বজালৈকে অনুষ্ঠিত হোৱা উদ্বোধনী সভাত মহকুমা স্বাস্থ্য বিষয়া (মুখ্য কাৰ্যালয়) ক্ৰমে ডাঃ চালমা চুলতানা, ডাঃ মেঘালী বৰঠাকুৰ, জিলা ৰোগ নিৰিক্ষক বিষয়া ডাঃ গায়ত্ৰী সেনাপতি, জিলা গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকন, জিলাখনৰ স্বাস্থ্য বিষয়াসকলৰ লগতে DPMU ৰ সদস্যসকল উপস্থিত থাকে।৷