সোণাৰিত সখী একক অৱস্থান কেন্দ্ৰ উদ্বোধন।

সোণাৰি, ১৬ আগষ্ট: যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে আজি চৰাইদেউ জিলাৰ সোণাৰিত সখী একক অৱস্থান কেন্দ্ৰ এটিৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। 

এই সন্দৰ্ভত অনুষ্ঠিত এক সভাত প্ৰদান কৰা উদ্বোধনী ভাষণত সাংসদ গৰাকীয়ে সখী একক অৱস্থান কেন্দ্ৰৰ মাধ্যমেৰে বিভিন্ন ধৰণৰ নিৰ্যাতনৰ সন্মুখীন হোৱা দুৰ্ভগীয়া মহিলা তথা কিশোৰী সকলে তাৎক্ষিকভাৱে প্ৰয়োজনীয় আশ্ৰয়, আহাৰৰ ব্যবস্থা আৰু আইনী সাহায্য সূচাৰুৰূপে লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। নাৰীয়ে সমাজত যাতে প্ৰাপ্য সন্মান- মৰ্য্যদা লাভ কৰি থাকিব পাৰে আৰু কোনো নিৰ্যাতন বা শোষণৰ বলি হ'বলগীয়া নহয় তাৰ প্ৰতি সজাগতা সৃষ্টিৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ পাৰিবাৰিক কন্দলৰ ফলত কোনো মহিলা গৃহহাৰা হলে, বিভিন্ন ধৰণৰ দিহা-পৰামৰ্শ প্ৰদানেৰে পৰিয়ালৰ মিলা-প্ৰীতি ঘূৰাই অনাৰ বাবে ব্যবস্থা গ্ৰহণ কৰাৰ পোষকতা কৰে। 

উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপায়ুক্ত পল বৰুৱাই প্ৰায় ৫০ লাখ টকা ব্যয়ৰে নিৰ্মিত এই কেন্দ্ৰটিৰ নিৰ্মাণৰ গুণগত মানদণ্ড উন্নত হৈছে বুলি উল্লেখ কৰে। তেওঁ কেন্দ্ৰটিৰ কাম-কাজৰ ওপৰত নিয়মী়াভাৱে নিৰীক্ষণ ৰখা হ'ব বুলি উল্লেখ কৰি কেন্দ্ৰটি পৰিচালনা কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সহযগিতা আগবঢ়োৱাৰো আশ্বাস প্ৰদান কৰে।

সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমানে তেওঁৰ বক্তব্যত কয় যে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰণত নিৰ্যাতনৰ বলি হ'বলগীয়া মহিলাসকলৰ সহায় হোৱাকৈ ২০১৫ চনৰ ১ এপ্ৰিলত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল আৰু চৰাইদেউ জিলাত ২০১৯ চনৰ ৮ মাৰ্চৰ পৰা এই কেন্দ্ৰটি ভাৰাঘৰ এখনত চলি আছিল। স্থায়ী কাৰ্যালয় উদ্বোধন হোৱাটো এক আনন্দৰ বতৰা বুলিও তেওঁ উল্লেখ কৰে। সমাজত নাৰীৰ প্ৰতি সন্মান বৃদ্ধি পালে এনেধৰণৰ ব্যবস্থা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব বুলিও তেওঁ মতপ্ৰকাশ কৰে। 

জিলা সমাজ কল্যাণ বিষয়া জাহ্নবী গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰাৰ লগতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। 

সভাত সোণাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগেও বক্তব্য ৰাখে। 

সভাৰ আঁত ধৰে পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাই।

উল্লেখযোগ্য যে, অনুষ্ঠানৰ আৰম্ভণিতে বিশিষ্ট অতিথিসকলে কেন্দ্ৰটিৰ চৌহদত গছপুলি ৰোপন কৰে।

আজিৰ অনুষ্ঠানত এ পি জি চি এলৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, সোণাৰি পৌৰসভাৰ উপ-পৌৰপতি স্বাক্ষৰ জ্যোতি গগৈ, ৱাৰ্ড কমিছনাৰ অঞ্জলী খঙীয়া, অভয়পুৰ আৰু সাপেখাতি সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া দ্বয় ক্ৰমে মিৰান্দা সোণোৱাল আৰু মৌচুমী গগৈ, সমাজকৰ্মীসকল ক্ৰমে দিলীপ কোঁৱৰ, কাজল দে, অভিজিত চেলেং প্ৰমুখ্যে সমাজ কল্যাণ বিভাগৰ কৰ্মচাৰীসকল, অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাসকল আৰু স্থানীয় ৰাইজ উপস্হিত থাকে।