শিৱসাগৰঃ---ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম তথা ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ আশা আঁচনি প্ৰৱন্ধক (Asha Programme Manager), হিৰো হিট ' হাবিব এ যোৱা ৩ ছেপ্তেম্বৰত শিৱসাগৰ জিলাত উপস্থিত হৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, শিৱসাগৰৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়াক সাক্ষাৎ কৰি জিলাখনত চলি থকা বিভিন্ন আঁচনিসমূহৰ লগতে ৰাষ্ট্ৰীয় পেলু নিৰ্মূলকৰণ দিৱসৰ সম্পৰ্কে বুজ লয় । ৪ ছেপ্তেম্বৰত ডিমৌ স্বাস্থ্য খণ্ডৰ অধীনৰ আঠাবাৰী আয়ুষ্মান আৰোগ্য মন্দিৰ পৰিদৰ্শন কৰি গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱসৰ অনুসন্ধান কৰাৰ উপৰিও মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ড, (RCH Register) আদি নিৰিক্ষণ কৰে ।তেখেতে আশাকৰ্মীসকলৰ লগতে গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱসত উপস্থিত থকা লোকসকলৰ লগতো মত বিনিময় কৰে ৷ আনহাতে ৫ ছেপ্তেম্বৰত ম'ৰাবজাৰ স্বাস্থ্যখণ্ডৰ অধীনৰ বৰবাম চাহ বাগিছাৰ চিকিৎসালয়ত আয়োজন কৰা গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱসত উপস্থিত হৈ সভাত উপস্থিত থকা গৰ্ভৱতী মহিলা সকলৰ আগত পুষ্টি সম্বন্ধীয় ব্ক্তব্য আগবঢ়ায় । ইতিমধ্যে সমগ্ৰ ভাৰতৰ লগতে শিৱসাগৰ জিলাতো আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পোষণ মাহ সম্পৰ্কে সভাত উপস্থিত থকা অংগনবাড়ী কৰ্মীসকলৰ লগত আলোচনাত মিলিত হয় । লগতে গৰ্ভৱতী মহিলাসকলৰ লগত মজুৰি ক্ষতিপূৰণ আঁচনিৰ সম্পৰ্কে মতবিনিময় কৰে । ভূঞাহাট আয়ুস্মান আৰোগ্য মন্দিৰত উপস্থিত হৈ গ্ৰাম্য স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱসৰ মণিটৰিং কৰে । তাৰ পিছতেই দিনৰ ২ বজাৰ পৰা গৌৰীসাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আয়োজন কৰা আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰ সকলৰ লগত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি বিভিন্ন আঁচনি সম্বন্ধে আলোচনা কৰাৰ লগতে আশাকৰ্মী আৰু আশা ছুপাৰভাইজাৰ সকলৰ লগত মত-বিনিময় কৰি কেইবাটাও গুৰুতত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে । লগতে আশাসকলে সন্মুখীন হৈ থকা অসুবিধাসমূহ শীঘ্ৰেই পুৰণ কৰা হ'ব বুলি তেওঁ মতপ্ৰকাশ কৰে ৷ আনহাতে ৰাজ্যিক প্ৰৱন্ধকগৰাকীয়ে ৬ ছেপ্তেম্বৰত তাৰিখে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ প্ৰেক্ষাগৃহত আশাসকলৰ লগত এক পৰ্যালোচনা সভাও অনুষ্ঠিত কৰে ৷ সমগ্ৰ কাৰ্যসূচী পৰিচালনা কৰে জিলা স্বাস্থ্য বিভাগৰ গণমাধ্যম বিশেষজ্ঞ অঞ্জুশ্ৰী ফুকনে ৷

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं