ঢকুৱাখনা মহকুমাৰ প্ৰশাসনৰ উদ্যোগত আৰু ঘিলামৰাবাসী ৰাইজৰ সহযোগত কৃষ্টি ভৱনত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানত কণ কণ ছাত্ৰ ছাত্ৰী পৰা বয়োজ্যেষ্ঠ জনলৈকে সকলোৱে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা দেখা যায়।
ঘিলামৰা ৰাজহ চক্ৰ বিষয়া কৰ্মচাৰী সকলৰ সমবেত সংগীতেৰে শুভাৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানটিত দেশপ্ৰেমমূলক গীত,নৃত্য আৰু নাটক পদৰ্শন কৰি দৰ্শক মোহাচ্ছন্ন কৰি তোলা দেখা যায়।
অনুষ্ঠানত ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱা, ঘিলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লম্বিত হাজৰিকা সহ অন্যান্য উচ্চ পদস্থ বিষয়া বৰ্গ উপস্থিত থাকি সফল ৰূপায়ন কৰা দেখা যায়।
 
  
  
   
   
  