শিৱসাগৰঃ  শিৱসাগৰৰ "হিন্দু ধৰ্ম্মসভা নামঘৰ"ৰ সাধাৰণ সম্পাদক জিতেন গোস্বামীয়ে আতঁ ধৰা এক কাৰ্য্যনিৰ্বাহক সভাত আগন্তুক শাৰদীয় দুৰ্গোৎসৱৰ ওপৰত বিতংকৈ আলোচনা কৰা হয় । উক্ত সভাত সাধাৰণ সম্পাদক জিতেন গোস্বামীয়ে বিগত বৰ্ষৰ কাৰ্য্যবিৱৰণী পাঠ কৰাৰ লগতে আয়-ব্যয়ৰ হিচাপ দাখিল কৰে ৷ ১ ছেপ্তেম্বৰ, দেওবাৰে শিৱসাগৰৰ জ্যেষ্ঠ অধিবক্তা তথা হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি গিৰিণ মিশ্ৰৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা উক্ত সভাত হিন্দু ধৰ্ম্মসভা নামঘৰৰ প্ৰেক্ষাগৃহ আৰু ৰঙ্গমঞ্চৰ উন্নয়নৰ লগতে নামঘৰৰ বিভিন্ন দিশ সামৰি উপস্থিত বিশিষ্ট ব্যক্তিসকলে নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে ৷ আনহাতে একেখন সভাতেই নামঘৰৰ "১২৫ তম্‌ জন্মজয়ন্তী বৰ্ষ"ৰ সামৰণি অনুষ্ঠানটি উলহ-মালহেৰে আৰু বাৰেৰহণীয়া কাৰ্য্যসূচীৰে সমাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । প্ৰতিপদত পতাকা উত্তোলন কৰি ষষ্ঠীত কণ কণ শিশুসকলৰ সাংস্কৃতিক অনুষ্ঠানৰ লগতে মহাসপ্তমীৰ সাংস্কৃতিক সন্ধিয়াত শিৱসাগৰৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত অচ্যুত ভট্টাচাৰ্য্যৰ সোঁৱৰণত নাট্যকাৰ দেৱব্ৰত বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে পূৰ্ণাঙ্গ নাটক "উত্তৰণ" মঞ্চস্থ আৰু মহাঅষ্টমীৰ দিনা বিচিত্ৰা কাৰ্য্যসূচীৰ অনুষ্ঠান আয়োজন কৰাৰ সন্দৰ্ভত সভাই সিন্ধান্ত গ্ৰহণ কৰে । লগতে এইবাৰ দুৰ্গা পূজাৰ তিথিৰ কাৰণে পূজা আৰু অনুষ্ঠানৰ কিছু সালসলনি কৰিবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে। সভাত হিন্দু ধৰ্ম্মসভা নামঘৰ পৰিচালনা সমিতিৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়ববীয়া উপস্থিত থাকে ৷