মৰান চাহ বাগিচাতো উলহ মালহেৰে আৱিস্কাৰৰ সৌজন্যত ৭৫ তম স্বাধীনতা দিৱস পালন কৰাহয়। আৱিস্কাৰৰ মুখ্য উদ্যোক্তা লক্ষেশ্বৰ তাঁতীয়ে আঁত ধৰা অনুসূানত পুৱা স্মৃতি তৰ্পণ কৰে চাহ কৰ্মচাৰী সন্থাৰ সভাপতি ৰেৱফুকন আৰু পতাকা উত্তোলন।কৰে বাগিচাৰ মুখ্য পৰিচালক শুভব্ৰত শিকদাৰে।ভূপেন হাজৰিকা বিৰচামুণ্ডা আৰু দিলবদনদাসৰ প্ৰতিমূৰ্তিত মাল্যপ্টণ কৰি শ্ৰদ্ধাঞ্জলী আগবঢ়াই ক্ৰমে-নিশি সিং দেবেন ওৰাং আৰু বিমান দাসে।অঞ্চলটিৰ বয়োজ্যেষ্ঠ সমাজ কৰ্মী ক্ৰমে- হাঁহিৰাম গোঁছাই জাৰছা হুচেইন ৰুদ্ৰ।চুতীয়া চাতিন্ন চাওৰা ৰামৰাজ শৰ্মা আৰু ৰামসুন্দৰ ঘাটোৱাৰক এখোখনকৈ ফুলাম।গামোছা শৰাই আৰু অভিনন্দন পত্ৰৰে সম্বদ্ধৰ্না জনোৱা।হয়। সভাত বাগিচাৰ পৰিচালক আৰু জাৰচা হুচেইনে স্বানীনতা দিৱস উপলক্ষে বক্তব্য ৰাখে। লৰা -ছোৱালী আৰু মহিলা সকলৰ সকলৰ বাবে আয়োজিত খেল ধেমালী প্ৰতিযোগিতা মুকলি কৰে হাঁহিৰাম গোঁছায়ে। নূৰ আৰ্দশ শিশু নিকেতনৰ শিক্ষক আৰু ছাত্ৰ -ছাতৃীয়ে ৰাষ্ঠীয় সংগীত আৰু দেশপ্ৰেমমুলক গীত পৰিবেশন কৰে।
মৰান শাখাঅসমচাহ মজদুৰ সংঘৰ অন্তৰ্গত বিভিন্ন বাগিচা ইউনিট সমুহৰ প্ৰতিনিধি সকলৰ উদ্যোগত ৭৫ তম স্বধীনতা দিৱসটি বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰে। শাখাৰ সহ সম্পাদক প্ৰমোদ সিং তাঁতীয়ে খৰাহাট বাগিচা ইউনিটত অংশ।গ্ৰহন কৰে