সোণাৰিৰ চফ্ৰাইত প্ৰস্তুতি গ্ৰাম্য সংগঠনৰ স্বাধীনতা দিৱস উদযাপন 

চফ্ৰাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত প্ৰস্তুতি গ্ৰাম্য সংগঠনে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত দেশে ৰূপায়ণ কৰা আজাদী কি অমৃত মহোৎসৱৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাঙ্কণ প্ৰতিযোগিতা আৰু চফ্ৰাই অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰে। গ্ৰাম্য সংগঠনটোৰ সভানেত্ৰী জাহেৰা বেগম আৰু সম্পাদিকা ৰিম্পী দাসে আঁত ধৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে গাঁও পঞ্চায়তৰ সভাপতি টুনীৰাম দাসে। প্ৰায় দুই শতাধিক বিভিন্ন মহিলা গোটৰ সদস্যা উপস্থিত থকা অনুষ্ঠানটোত ভালে কেইগৰাকী শিশুয়ে ভক্তিমূলক গীত, নৃত্য আদি প্ৰদৰ্শন কৰে।