চিলাপথাৰত স্বাধীনতা দিৱসৰ দিনাই প্ৰতিবাদত নামিল বানাক্ৰান্তৰ শ-শ ৰাইজ
আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ । আজি স্বাধীনতা দিৱসৰ দিনাই প্ৰতিবাদত নামিল বানাক্ৰান্ত অঞ্চলৰ শ-শ পুৰুষ- মহিলাই। চিলাপথাৰ বীৰ্জ বাড়ী অঞ্চলত এখন দলঙৰ অভাৱে জমৰ যাতনা ভুগাইছে ব্ৰীজবাড়ী , গাগ্ৰা , জীপু বস্তি আদিকে ধৰি প্ৰায় ২০ খন গাৱঁৰ জনসাধাৰণক ৷ উক্ত চিঙা অংশত আজি পোন্ধৰটা বছৰে সমষ্টিৰ বিধায়ক ভুৱন পেগু আৰু সাংসদ প্ৰদান বৰুৱাক ৰাইজে বাৰম্বাৰ কাকূতিমিনতি কৰাৰ পিছতো কোনোধৰণৰ গুৰুত্ব আৰোপ কৰা নাই বুলি আজি প্ৰতিবাদস্হলীত ৰাইজে ক্ষোভ প্ৰকাশ কৰি বি জে পি চৰকাৰ হায় হায় ! বি জে পি চৰকাৰৰ কাম নাই , আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লুগানেৰে ব্ৰীজবাৰীস্হিত ডালা চাৰিআলিৰ আকাশ বতাহ কপাই তোলে ৷ তদুপৰি অতিশীঘ্ৰে মথাউৰি নিৰ্মাণ কৰি নিদিলে অনাগত নিৰ্বাচনত বি জে পি ক ভোট দিয়াৰ পৰা বৰ্জন কৰাৰ লগতে প্ৰৱেশ নিষেধ কৰিব বুলি আজি প্ৰতিবাস্হলীৰ পৰা চৰকাৰ তথা বিভাগক সকীয়নি দিয়াৰ লগতে পৰৱৰ্তী সময়ত বানাক্ৰান্ত ৰাইজে ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি চৰকাৰক সকীয়াই দিয়ে।