চিলাপথাৰত AABYSF গৌৰাঙ্গপুৰ আঞ্চলিকৰ উদ্যোগত তিনিদিনীয়াকৈ ফুটবল টুৰ্ণামেন্ট কাৰ্যসূচী
ধেমাজি জিলাৰ চিলাপথাৰৰ সমীপৰ গৌৰাঙ্গপুৰত তিনিদিনীয়াকৈ বার্নাঢ্য কাৰ্যসূচীৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন গৌৰাঙ্গপুৰ আঞ্চলিক সমিতিৰ উদ্যাগত
আয়োজন কৰা হৈছে ফুটবল টুৰ্ণামেন্ট। উক্ত টুৰ্ণামেন্ট খনত বিভিন্ন অঞ্চলৰ মুঠ ২১টা কৈ দলে অংশ গ্ৰহণ কৰিছে। প্ৰথম দিনা দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰাৰ লগত বাঙালী ধামাইল নৃত্য আদি সাংস্কৃতিক অনুষ্ঠানেৰে শুভাৰম্ভ হোৱা টুৰ্ণামেন্ট খনত ১০ টা কৈ দলে আজি অংশগ্ৰহণ কৰে। উদ্ যাপন সমিতিয়ে জনোৱা মতে অহা কালি চেমি ফাইনেল আৰু বুধবাৰে চূড়ান্ত খেলৰ বঁটা বিতাৰণী অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। সকলো ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিত থাকিবলৈ উদ্ যাপন সমিতিয়ে আহ্বান জনাইছে।