অসমৰ  বাতৰি কাকতৰ পীঠস্থান উজনিৰ ডিব্ৰুগড় চহৰৰ বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাব চমুকৈ ‘জিডিপিচি’ৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱস কালি  দিনজোৰা কাৰ্যসূচীৰে স্থানীয় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত অনুষ্ঠিত হৈ যায়৷ পুৱাৰ ভাগত যুটীয়া সম্পাদক জেচিম আহমেদে আঁত ধৰা অনুষ্ঠানত ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি মনজিৎ বৰাই৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি ৰাজীৱ বৰগোহাঞিয়ে৷ স্মৃতি তৰ্পণ কৰে সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে৷ সভাকক্ষৰ চৌহদত এটি নাৰিকলৰ পুলি ৰোপণ কৰে ক্লাবৰ প্ৰাক্তন সভাপতি ভূষণজ্যোতি সন্দিকৈয়ে৷ ইয়াৰ পিছতে মনজিৎ বৰাৰ সভাপতিত্বত অনুষ্ঠিত ক্লাবৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই ক্লাবৰ খালী হৈ থকা কাৰ্যকৰী সভাপতি পদত জ্যেষ্ঠ সাংবাদিক ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য ৰতন হাজৰিকাক আৰু উপসভাপতি পদত জেষ্ঠ সাংবাদিক বিভাস দুৱৰাক সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়৷

আনহাতে যাদৱ গগৈয়ে আঁত ধৰা প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে আয়োজিত মুকলি সভাৰ উদ্বোধন কৰি ‘অসম আদিত্য’ কাকতৰ মুখ্য সম্পাদক তথা লেখক ডাঃ নিৰ্মল চাহেৱালাই কয় যে সাংবাদিকসকলৰ মাজত প্ৰফেছনেলিজিমৰ অভাৱ ঘটিছে৷ ক্ষেত্ৰ থকা সত্বেও নিজকে সাংবাদিক সকলে উজ্বলাই তুলিব পৰা নাই৷ লগতে পৰিৱেশ জাৰ্নেলিজিমৰো অসমত অভাৱ ঘটিছে৷ বাঘজান তৈলক্ষেত্ৰৰ ঘটনাৰ উদাহৰণেৰে তেওঁ অসমত পৰিৱেশ ধ্বংসৰ সম্পৰ্কত যিমান সাংবাদিকতাৰ দুৰদৰ্শিতাৰ প্ৰয়োজন আছিল তাৰ অভাৱ ঘটিল বুলিও মন্তব্য কৰে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক তথা উপাধ্যক্ষ প্ৰশান্ত কুমাৰ ফুকনে এখন সুস্থ সমাজ গঠন আৰু চৰকাৰ পৰিচালনা আৰু ভঙা-পতাৰ ক্ষেত্ৰত সাংবাদিক-সংবাদপত্ৰৰ ভূমিকাৰ কথা উল্লেখ কৰি এক সুস্থ সাংবাদিকতাই একো একোজন ৰাজনীতিজ্ঞৰ উন্নতিৰ ৰেখাডাল যিদৰে বঢ়াব পাৰে সেইদৰে কমাব পৰাৰো ক্ষমতা আছে বুলি উল্লেখ কৰে৷লগতে উজনি অসমৰ সংবাদ ক্ষেত্ৰত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবৰ বিভিন্ন সময়ত সংবাদ ক্ষেত্ৰৰ লগতে বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ সমাজলৈ বৰঙণি যোগাই অহা বিষয়ে শলাগ লয়। ক্লাবৰ সভাপতি মনজিৎ বৰাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱায়ো শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷

ক্লাবৰ সম্পাদক ৰাতুল বুঢ়াগোহাঁয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ড॰ জিতেন হাজৰিকাক মানপত্ৰ, গামোচা, চেলেং আৰু পিটলৰ জাপি আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ তদুপৰি উক্ত সভাতেই নতুনকৈ ক্লাবে প্ৰৱৰ্তন কৰা অশোক বৰগোহাঞি সোঁৱৰণী সাংবাদিকতা বঁটা ছপা মাধ্যমৰ বাবে ‘অসম স্পন্দন’ কাকতৰ সম্পাদক লক্ষীকান্ত মজিন্দাৰ বৰুৱাক আৰু বৈদ্যুতিন মাধ্যমৰ বাবে ‘ঈশান নিউজ’ৰ যুৱ সাংবাদিক মুক্তামনি হাজৰিকাক নগদ ধন, মানপত্ৰ, গামোচা, চেলেং,স্মাৰক আৰু পিটলৰ জাপি আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ ক্লাবৰ প্ৰাক্তন সম্পাদক সূৰজ দত্তই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া প্ৰশাসনিক পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱাল, ক্লাবৰ উপদেষ্টা তথা কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ শশীকান্ত শইকীয়া, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ডাঃ শান্তনু লহকৰ, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি প্ৰবীৰ চক্ৰৱৰ্তী, সম্পাদক অনিল পোদ্দাৰ, আমন্ত্ৰিত অতিথি হিচাপে ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন গগৈ, যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি প্ৰিয়ব্ৰত গোহাঁই, মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক গোলাপ লাহন, ক্লাবৰ নৱনিৰ্বাচিত কাৰ্যকৰী সভাপতি ৰতন হাজৰিকা, উপসভাপতি বিভাস দুৱৰা, উপদেষ্টা ৰাজীৱ বৰগোহাঁই, ভূষণজ্যোতি সন্দিকৈ,মনোৰঞ্জন হাজৰিকাকে ধৰি ‘জিডিপিচি’, ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ লগতে দ্বি শতাধিক ৰাইজ উপস্থিত থাকে৷ সভাত ৰুবি গগৈ সন্দিকৈৰ পৰিচালনাত জনগোষ্ঠীয় নৃত্যানুষ্ঠান,লোকশিল্পী জিতেন দাসৰ পৰিচালনাত যুৱতী সকলৰ দিহা নাম আৰু অনাতাঁৰ শিল্পী ভূৱন গগৈৰ পৰিচালনাত পৰিৱেশিত দলীয় কী-ব’ৰ্ড সুৰ সমলয়,লামডিং মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা আৰাধনা দত্তৰ কবিতা আবৃত্তি আৰু মানৱ গগৈৰ দ্বাৰা পৰিবেশিত মেণ্ডলিন বাদনে সকলোকে আপ্লুত কৰে৷শেষত হোমেন ফুকনে শলাগৰ শৰাই আগবঢ়োৱা লগতে ডিব্ৰুগড় সাহিত্য সভাৰ কৰ্মকতাৰ দ্বাৰা জাতীয় সংগীতেৰে অনুষ্ঠান সামৰা হয়।