অসম অৰুনাচল সীমান্তৱতী  দ্ৰোপাঙত অবৈধ ভাৱে একাংশ অৰুণাচলী লোকে অসমৰ মাটিত পুখুৰী নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ মুখৰ হৈ পৰে দ্ৰোপাংবাসী৷ দুয়োখন ৰাজ্যৰ সীমাৰ অসমৰ মাটিত দ্ৰোপাং নদীৰ  কাষত কেইবাদিন ধৰি একাংশ অৰুনাচলী লোকে পুখুৰী নিৰ্মাণ কৰি আহিছিল৷ আজি স্থানীয় লোকে এইসম্পৰ্কে জানিব পাৰি প্ৰশাসনক জনোৱাৰ লগতে প্ৰতিবাদমুখৰ হৈ পৰে৷

ঘটনাস্থলীত আৰক্ষী লোক উপস্থিত হৈ পুখুৰী খন্দা কাৰ্যত জড়িত দুখন জেচিবি জব্দ কৰে৷ উল্লেখ্য যে লখিমপুৰ জিলাৰ অসম অৰুনাচল সীমান্তত সময়ে সময়ে একাংশ অৰুনাচলী লোকে অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ গুৰুত্বহীনতাৰ সুবিধা লৈ অসমৰ মাটি বেদখলৰ চেষ্টা চলাই আহিছে৷