শণিবাৰে আবেলি অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিৎ সিং, লগতে আই জিপি পাৰ্থসাৰথি মহন্ত শিৱসাগৰত উপস্থিত ।শিৱসাগৰৰ আয়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত শিৱসাগৰ , যোৰহাট আৰু চৰাইদেউ জিলাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ লগত মিলিত বিশেষ আলোচনা।স্বাধীনতা দিৱসৰ দিনা উজনি অসমত আলফাৰ বোমা সংস্থাপন, আইন শৃঙ্খলা জড়িত সন্দৰ্ভত বিশেষভাৱে আলোচনাৰ স্থান পোৱাৰ সম্ভাৱনা।লগতে বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ৰুদ্ধ দ্বাৰ বৈঠকত। এই ৰুদ্ধদ্বাৰ বৈঠকত অংশ গ্ৰহন যোৰহাট ,চৰাইদেউ আৰু ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকৰো।
শিৱসাগৰ চুকাফা সভাকক্ষত অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ ৰুদ্ধদ্বাৰ বৈঠক ।অংশগ্ৰহন বিশেষ আৰক্ষী সঞ্চালক প্ৰধানহৰমিৎ সিঙৰ।
