বৰহাটৰ ভূঞাখাত গাওঁ পঞ্চায়তত বিশেষ সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন।

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ভূঞাখাত গাওঁ পঞ্চায়তৰ কাৰ্যালয়ৰ সভাকক্ষত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।এই উপলক্ষে ভূঞাখাত গাওঁ পঞ্চায়তৰ সভাপতি অৰূপ চেতিয়াৰ পৌৰোহিত্বতত অনুষ্ঠিত সভা খন আঁত ধৰে ভূঞাখাত গাওঁ পঞ্চায়তৰ সচিব প্ৰণৱজ্যোতি গগৈয়ে।সভাত ৰংবাৰী প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা চৰাইদেউ জিলাৰ কৃৰ্তি শিক্ষয়িত্ৰী অৰুণা বুঢ়াগোহাঁইক এখন ফুলাম গামোচা ,এখন সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায়।সভাত চুতীয়াকাৰী প্ৰধান শিক্ষক পৰাগ চক্ৰৱৰ্তী, ৱাৰ্ড মেম্বাৰ ধনেশ্বৰ গগৈ প্ৰমুখ্যে ভালেকেইজন লোকে অংশগ্ৰহণ কৰে।