ঢকুৱাখনা বাসুদেৱ থান নৰোৱা সত্ৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন
ঢকুৱাখনা মহকুমা পশ্চিম প্ৰান্তত অৱস্থিত অন্যতম বৈষ্ণৱপীঠ সত্ৰ বাসুদেৱ থান নৰোৱা সত্ৰৰ প্ৰাংগনত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ লগতে সমীপৱৰ্ত্তী গাৱঁৰ আইসকলৰ উদ্যোগত ৭৮ সংখ্যক স্বাধীনতা দিৱসটি দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত পতাকা উত্তোলন কৰে বাসুদেৱ থান নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱগোস্বামী, বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে ৰেণু গোস্বামীয়ে। জ্ঞানকুমাৰ দেৱগোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানত চিত্ৰাংকন, নৃত্য-গীত,কবিতা আবৃত্তি, লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।এই প্ৰতিযোগিতাসমূহত প্ৰায় দুকুৰিৰো অধিক ছাত্ৰছাত্ৰীয়ে অংশগ্ৰহণ কৰে।শেষত সকলো পুৰস্কাৰ লাভ কৰা ছাত্র ছাত্ৰীক মানপত্ৰ,কলম,বহী আৰু গ্ৰন্থ প্ৰদান কৰা হয়।
 
  
  
  
   
  