১৫ আগষ্টঃ ধেমাজি জিলাৰ পাঁচ আলিস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা ১১ আগষ্টৰ পৰা আৰম্ভ হোৱা আজাদি কি অমৃত মহোৎসৱ আজি সামৰনি পৰিল। যোৱা ১১ আগষ্টৰ দিনটোত শিক্ষাৰ্থী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা। দ্বিতীয় দিনা প্ৰতিষ্ঠানৰ প্ৰশিক্ষাৰ্থী সকলে তৈউয়াৰ কৰে দুই শতাধিক জাতীয় ধ্বজ্জা। ইয়াৰ পিছতে প্ৰতিষ্ঠানৰ অধ্যক্ষা দুলামী হেৰঞ্জ পাণ্ডুৰ নেতৃত্বত যোৱা শিক্ষক শিক্ষাৰ্থী এটা দলে স্থানীয় তিনি জনকৈ লোকৰ ঘৰলৈ গৈ আৰক্ষীৰ স্বাভিমানৰ স্বৰূপ জাতীয় পতাকা প্ৰদান কৰি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। ১৩ আগষ্টত প্ৰভাত ফেৰী আৰু ১৪ আগষ্টত স্বাধীনতা দিৱসৰ সম্পৰ্কীত গুৰুত্বপূৰ্ণ আলোচনা চক্ৰ অনুষ্ঠিত হয়। অন্তিম দিনটোৰ হিচাপে আজি অনুষ্ঠিত হ'ল বহু প্ৰত্যাশিত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস। পূৱাৰে পৰা অব্যাহত উখল মাখল পৰিৱেশৰ মাজত তিনি শতাধিক শিক্ষক-কৰ্মচাৰী-শিক্ষাৰ্থী আৰু স্থানীয় লোকৰ উপস্থিতিত উত্তোলন কৰাৰ হয় ত্ৰিৰংগা।
পতাকা উত্তোলন কৰি অধ্যক্ষা দুলামী হেৰঞ্জ পাণ্ডুৰ চৰকাৰী নিৰ্দেশনাৰ প্ৰতি পূৰ্ণ সহাৰী জনাই ৰাইজে মহা ধুমধামেৰে দেশৰ স্বাধীনতা দিৱস পালন কৰা বিষয়টোক লৈ উৎসাহিত হোৱা বুলি কয়। এই দেশৰ বায়ু পানী সেৱন কৰি পৰিপুষ্টি লাভ কৰা প্ৰতিজন নাগৰিকৰে নিজা দেশমাতৃৰ প্ৰতি দায়িত্ব বহুত আছে বুলি ভাষন প্ৰসংগত মন্তব্য কৰে। অনুষ্ঠানত উপস্থিত জ্যেষ্ঠ প্ৰৱক্তা মুকুল দত্তই এইবাৰৰ স্বাধীনতা দিৱসৰ উদযাপন ব্যতিক্ৰম হোৱা বুলি বক্তব্য প্ৰসংগত মন্তব্য কৰি দিৱসৰ ওপৰত সংক্ষেপে আলোকপাত কৰি বক্তব্য প্ৰদান কৰে।
ছাত্ৰ উন্নয়ন ফৰামৰ সম্পাদক চক্ৰৱৰ্তী বৰগোহাঁইয়ে আত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে চেমুৱেল পাণ্ডুৰ উপস্থিত থাকে। লগতে প্ৰতিষ্ঠানৰ প্ৰৱক্তা জ্যোতিষ কুমাৰ নৰহ,দিব্যজ্যোতি গগৈ, তনুজ টায়েংৰ লগতে সকলো শিক্ষক কৰ্মচাৰী উপস্থিত থাকে। ইপিনে ১৬ আগষ্টত প্ৰতিষ্ঠানত শোক দিৱসৰ বাবে পতাকা অৰ্ধনমীত কৰি ৰাখিব বুলি জানিব পৰা গৈছে।