ঢকুৱাখনা সমষ্টিতো জিলা যুৱ মৰ্চাৰ উদ্যোগত দুই শতাধিক যুৱকলৈ "হৰ ঘৰ ত্ৰিৰংগা বাইক ৰেলী(

 বিধায়ক নৱকুমাৰ দলেৰ অংশগ্ৰহণ )

 ঢকুৱাখনাৰ পৰা ঘনকান্ত দলে: ভাৰতীয় জনতা যুৱ মৰ্চা ঢকুৱাখনা জিলা সমিতিৰ উদ্যোগত আজি বিয়লি ভাগত বিজেপি জিলা কাৰ্যালয়ৰ পৰা কোঁৱৰ গাঁও, ব্লক চাৰিআলি হৈ টাউন তিনিআলি লৈ জনসাধাৰণক অহা ১৫ আগষ্টৰ দিনটোক যাতে স্মৰণীয় কৰি প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে নিজৰ স্বভিমান জাগ্ৰিত কৰি তুলি দেশ প্ৰেমমূলক ভাৱ যোগোৱাৰ লগতে আমি সকলো ভাৰতীয়ই একেলগে থাকি ভবিষ্যত দিনত নিজৰ ভূখণ্ড আৰু ৰাষ্ট্ৰৰ ভাবে সকলোৱে মিলি কাম কৰি যাব লাগিব এই উদ্দেশ্যে "হৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক এক বিশাল বাইক ৰেলী আয়োজন কৰা হয়৷ উক্ত বাইক ৰেলীখন শুভাৰম্ভ কৰি ৰেলীত নিজেই বুলেট চলাই অংশগ্ৰহণ কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱকুমাৰ দলেয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানমৰ্মে ৰূপায়ণ কৰা "হৰ ঘৰ ত্ৰিৰংগা" কাৰ্যসূচীত জিলা সভাপতি প্ৰদীপ চমুৱা,ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া,যুৱ মৰ্চাৰ সভাপতি বৃকুদৰ দাস ডাঙৰীয়াকে প্ৰমুখ্যে কৰি জিলা,মণ্ডল,যুৱ মৰ্চাৰ দুই শতাধিক বিষয়ববীয়া আৰু কাৰ্যকৰ্তাই বাইক ৰেলীত অংশগ্ৰহণ কৰে৷