সোমবাৰেশিৱসাগৰ যুৱদলত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আধাৰত অঙ্গনবাড়ী কৰ্মীৰ প্ৰাক শৈশৱ কালীন যতন, শিক্ষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰাহয়।এই কাৰ্য্যসূচীত বন্তি প্ৰজ্জ্বলন কৰে উপ-সঞ্চালক কুঞ্জলতা লাচনে। জিলা সমাজ কল্যান বিষয়া বৰ্ণালী খাটিৱাৰা, শিশু কল্যান বিষয়া শান্তনা বৰুৱা, ৰাজ্যিক সমন্বয়ক পূজা চক্ৰৱৰ্তী, শিৱসাগৰ জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈকে ধৰি অঙ্গনবাড়ী কৰ্মীসকল, আৰু সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষানীতি২০২০ৰ আধাৰত অসম চৰকাৰৰ অধীনৰ অঙ্গনবাড়ী কৰ্মী সকলৰ বাবে প্ৰাক শৈশৱ কালীন এই ছমহীয়া পাঠ্যক্ৰমৰ শুভাৰম্ভৰ পাছত চৰাইদেউ জিলাত এই কাৰ্য্যসূচী আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
শিৱসাগৰ যুৱদলত ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ আধাৰত অঙ্গনবাড়ী কৰ্মীৰ প্ৰাক শৈশৱ কালীন যতন ,শিক্ষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ।
