বাংলাদেশত হিন্দুৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে লংকাত ৰূপায়ন কৰা হৈছে প্ৰতিবাদ।বৃহত্তৰ লংকা হিন্দু সমাজৰ উদ্যোগত ৰূপায়ন কৰা হৈছে এই প্ৰতিবাদী কাৰ্যসূচী।

লংকাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সকলে এক গোট হৈ লংকাত বাহিৰ কৰে এক প্ৰতিবাদী সমদল। প্ৰতিবাদী সকলে বাংলাদেশত হিন্দু নিৰ্যাতন বন্ধ কৰক, ইছলামিক মৌলবাদী নিপাত যাওঁক আদি শ্লগানেৰে উত্তাল কৰি তোলে লংকাৰ পৰিবেশ।