সোণাৰি সদৰ মছজিদ আৰু সোণাৰি মুছলিম যুৱ মঞ্চৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসত প্ৰসংশনীয় পদক্ষেপ।

সোণাৰি সদৰ মছজিদ আৰু সোণাৰি মুছলিম যুৱ মঞ্চৰ উদ্যোগত দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস পালন কৰা হয়। সোণাৰি সদৰ মছজিদৰ সভাপতি জ্যেষ্ঠ অধিবক্তা জাকিৰ হুছেইনৰ সভাপতিত্বত পুৱা পতাকা উত্তোলন কৰে সভাৰ সভাপতিয়ে। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় গীত পৰিৱেশনৰ আগ ভাগ লয় সদৰ মছজিদৰ ইমাম জাহিৰুল হুছেইনে।এই সভাত দুজনকৈ ব্যক্তি বিশিষ্ট সমাজকৰ্মী শ্বপন কৰ আৰু মৰণোত্তৰভাৱে বিশিষ্ট চিকিৎসক ড° ৰাজেন গগৈক সম্বৰ্ধনা জনায়। সভাত মছজিদ কমিটীৰ সম্পাদক চফিউৰ ৰহমান, সোণাৰি মুছলিম যুৱ মঞ্চৰ সভাপতি ইমদাদ হুছেইন ইফালে সভাত বিশিষ্ট অতিথি হিচাপে মনী গগৈ,ইনামুল হুছেইন, তফজ্জুল হুছেইন,মিৰ ফজলুল ৰহমান আদিকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।