শিৱসাগৰঃ অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত শিৱসাগৰ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনে যোৱা ০৩ আগষ্ট শনিবাৰে জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত এক সাংস্কৃতিক প্ৰতিযোগিতা আয়োজন কৰাৰ সম্পৰ্কে আলোচনাত মিলিত হয় ৷ শিৱসাগৰ নগৰৰ শংকৰ মন্দিৰ পথৰ কাৰ্য্যালয়ত জিলা সমিতিৰ সভাপতি দেৱেন চন্দ্ৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা সাধাৰণ সম্পাদক দিলীপ কুমাৰ শ‌ইকীয়াই অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত হ'বলগীয়া এই প্ৰতিযোগিতাৰ বিষয়ে সবিশেষ ব্যাখ্যা কৰে ৷ ৰাজ্যিক সভাপতি তথা শিক্ষাবিদ সুৰেশ শইকীয়া উপস্থিত থকা সভাত এই উদ্দেশ্যৰে ইতিমধ্যে গঠিত বিভিন্ন উপ-সমিতিসমূহৰ মাজত বিতং আলোচনাৰ অন্তত অহা ছেপ্তেম্বৰ মাহৰ ১২ তাৰিখ বৃহস্পতিবাৰে ( ককা আইতা দিৱস) শিৱসাগৰ যুৱদল প্ৰেক্ষাগৃহত দিনযোৰা কাৰ্য্যসূচীৰে জ্যেষ্ঠ নাগৰিকৰ মাজত এই সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । উল্লেখযোগ্য যে, ককা আইতাৰ দিৱসৰূপে উদ্‌যাপন কৰিবলগীয়া উক্ত সাংস্কৃতিক প্ৰতিযোগিতাত জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই কাৰ্য্যসূচীত জিলাখনৰ সকলো জ্যেষ্ঠ নাগৰিক প্ৰতিযোগীয়ে সংশ্লিষ্ট এলেকাৰ শাখা সমিতিসমূহৰ যোগেদি অংশগ্ৰহণ কৰিব পাৰিব ৷ প্ৰতিযোগিতা আয়োজনৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰি জিলাখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ মাজত প্ৰচাৰৰ জৰিয়তে যাতে যথেষ্ট সংখ্যক আগ্ৰহী শিল্পীয়ে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে আহ্বান জনোৱা হয় । ইচ্ছুক প্ৰতিযোগী সকলক দহ ছেপ্তেম্বৰৰ ভিতৰত নিজৰ নাম পঞ্জীয়ন কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনোৱাৰ লগতে প্ৰতিযোগিতাৰ বিভিন্ন নীতি-নিয়মৰ বিষয়ে জানিবলৈ জিলা সাধাৰণ সম্পাদক - দিলীপ কুমাৰ শ‌ইকীয়া - 7002238429, দেৱ হাজৰিকা - 9854819987, যুগল বৰা -  9957134320 আদি ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷৷