তুৰাই সুহৃদ সংঘৰ উদ্যোগত অভিনন্দন জ্ঞাপন আৰু গ্ৰীষ্মকালীন পাঠদানৰ সামৰণী অনুষ্ঠান ।

দৰং জিলাৰ তুৰাই সুহৃদ সংঘৰ উদ্যোগত ২০২২ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ইতিহাস প্ৰসিদ্ধ ঘোঁৰাশাল (তুৰাই) গাঁৱৰ পৰা কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱা মুঠ ১৭ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,কলম আৰু অভিনন্দন পত্ৰৰে অভিনন্দন জ্ঞাপন কৰাৰ লগতে ঘোঁৰাশাল(তুৰাই) গাওঁ ভিত্তিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতী ছাত্ৰ ইৰছাদ আজিজলৈ প্ৰথম বাৰৰ বাবে প্ৰদান কৰে মৰহুম উজিৰ আলি সোঁৱৰণী শৈক্ষিক বঁটা ২০২২ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ঘোঁৰাশাল (তুৰাই) ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত কৃতী ছাত্ৰ ওৱাহিদুৰ ৰহমানৈ প্ৰথম বাৰৰ বাবে প্ৰদান কৰা হয় আলহাজ মৰহুম আৰৱ আলী সোঁৱৰণী শৈক্ষিক বঁটা- ২০২২ দুয়োটা বঁটাত আছে ফুলাম গামোচা, স্মাৰক, অভিনন্দন পত্ৰ,গ্ৰন্থৰ টোপোলা,কলম আৰু নগদ ধন। সংঘৰ সদস্য তথা পথৰু সমন্বয় গোষ্ঠী, পথৰুঘাটৰ সম্পাদক মোস্তাক হুছেইনে আঁত ধৰা গাম্ভিয্যপূৰ্ন অনুষ্ঠানটিত অনাতাঁৰ শিল্পী দ্বীপশিখা শইকীয়াই আৰম্ভণী গীত পৰিৱেশন কৰা অনুষ্ঠানটি উদ্বোধন কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপক ডঃপ্ৰসন্ন কুমাৰ নাথে। ডঃ নাথে শিক্ষা ব্যৱস্থা আৰু ব্যক্তি,সমাজ সংস্কাৰ মুখী হোৱাৰ ক্ষেত্ৰত সংঘ- সংস্থাবোৰে এনে শৈক্ষিক সভা আৰু অভিনন্দন তথা সম্বৰ্ধনা অনুষ্ঠানৰ জৰিয়তে সুস্থ সমাজ গঢ়াত ভূমিকা গ্ৰহণ কৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে বক্তব্য প্ৰদান কৰে নান্দনিক সাহিত্য চ'ৰা পথৰুঘাটৰ সম্পাদক তথা পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কমলাকান্ত ডেকাই। নিদিষ্ট বক্তাৰ ভাষণত ডেকাই ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু ৰাইজৰ উদ্দেশ্যে অতি তথ্য সম্বলিত তত্তগধুৰ ৰসাল বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত কৃতী শিক্ষক শশাংক হাজৰিকাই। পথৰুঘাটৰ শিশু কন্ঠ শিল্পী ফাৰিহা আহমেদে গীত পৰিৱেশন কৰি অধিক প্ৰাণৱন্ত কৰি তোলা অনুষ্ঠানত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ক্ৰৰে বিশিষ্ট সমাজকৰ্মী তথা তুৰাই সুহৃদ সংঘৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত আবুল হুছেইন,তুৰাই আঞ্চলিক উন্নয়ন পৰিষদৰ সভাপতি, তথা সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নুৰুল হক, সম্পাদক তাজনুৰ আলী, বিশিষ্ট সমাজকৰ্মী তথা তুৰাই আঞ্চলিক উন্নয়ন পৰিষদৰ প্ৰাক্তন সম্পাদক ছৈয়দ আব্দুল্লা আৰু সমাজকৰ্মী আলি ইক্ৰামে । অনুষ্ঠানত বিশেষ ভাৱে উপস্থিত থাকে তুৰাই আঞ্চলিক উন্নয়ন পৰিষদৰ কাৰ্যকৰী সভাপতি তথা শিক্ষক ছৈয়দ তচদ্দক হুছেইন, ঘোঁৰাশাল (তুৰাই) গাঁৱৰ গাওঁ প্ৰধান ইছমাইল আলি, ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আবু আযুব আনচাৰী, আৰক্ষী বিভাগৰ উপ-পৰিদৰ্শক আব্দুল খালেক আৰু সমাজকৰ্মী আব্দুল ৰফিক, সংঘৰ সভাপতি বদিউৰ জামান, সম্পাদক খুৰছিদ আলম,শিক্ষা সম্পাদক জিয়াউৰ ৰহমান (বাপুকন) আদি বিষয় -ববীয়া আৰু সদস্য উপস্থিত থাকে । উল্লেখ্য যে প্ৰায় এমাহযোৰা নৱম আৰু দশম শ্ৰেনীৰ ৫৫ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিজ্ঞ শিক্ষক আব্দুল হান্নান, আজমল হুছেইন, আব্দুল জলিল, মোখলেচুৰ ৰহমান আৰু ছৈয়দ আলম আফৰিদি দ্বাৰা বিনামূলীয়াকৈ গ্ৰীষ্মকালীন পাঠদান কৰাৰ অন্তত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত মূল্যায়ন পৰীক্ষাৰ দ্বাৰা দুয়োটা শ্ৰেণীৰ তিনিটাকৈ স্থান প্ৰাপ্তৰ নৱম শ্ৰেণীত প্ৰথম চানীয়া নাৰ্গীছ আখতাৰা , দ্বিতীয় মাচুম নাৰ্গীছ চুলতানা আৰু তৃতীয় চেমিম চুলতানা আৰু দশম শ্ৰেনীত প্ৰথম মোস্তাফিকুৰ ৰহমান, দ্বিতীয় চাহিদ ৰাজা আৰু তৃতীয় নুৰ আমিন হকে স্থান পাবলৈ সক্ষম হোৱা স্থান প্ৰাপক সকলকো আনুষ্ঠানিক ভাৱে পুৰষ্কাৰ প্ৰদান কৰে।