শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আয়ুক্ত আদিত্য বিক্ৰম যাদৱে জিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ চৌহদত ১৯ জুলাইৰ বিয়লি ৪-৩০ বজাত Ayushman Bharat Health Account ৰ এটা canopy উদ্বোধন কৰে । উল্লেখ যে, এই caonpy ৰ যোগেদি জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰে Ayushman Bharat Health একাউণ্ট খোলা হ'ব । উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে কয় যে, ৭ দিনৰ ভিতৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰে Ayushman Bharat Health একাউণ্ট চমুকৈ আভা ID সৃষ্টি কৰা হ’ব । এই health acount t প্ৰতিগৰাকী লোকৰ যাৱতীয় স্বাস্থ্য সম্বন্ধীয় তথ্য উপলব্ধ হ’ব । সবিশেষ জানিবৰ বাবে https://abdm.gov.in ত লগইন কৰিবলৈ শিৱসাগৰ জিলা স্বাস্থ্য সমিতিয়ে আহ্বান জনাইছে ৷ উক্ত অনুষ্ঠানত জিলা স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত মীনাক্ষী পার্মে, সমাজ কাল্যাণ বিভাগৰ অতিৰিক্ত আয়ুক্ত বৰ্ণালী খতিৱৰা, সহকাৰী আয়ুক্ত নিমাশ্ৰী ডাউকা, সহকাৰী আয়ুক্ত সুভ্ৰজিত খাউণ্ড, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান শিৱসাগৰৰ আঁচনি প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শইকীয়া, ডাটা মেনেজাৰ ভূপেন গগৈ, সহকাৰী ডাটা মেনেজাৰ মইনুৰ ৰহমান আৰু জিলা গণমাধ্যম বিষয়া অঞ্জুশ্ৰী ফুকন আদি বিশেষভাৱে উপস্থিত থাকে ৷৷