সোণাৰি স্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পৰিপুষ্টি পুনৰ সংস্থাপন কেন্দ্ৰ মুকলি ।*চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ মুকলি*

সোণাৰি স্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত উপায়ুক্ত পল বৰুৱাই চাৰিখন বিচনাযুক্ত এটা পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ মুকলি কৰে। এই উপলক্ষে আয়োজিত সভাত নিজৰ ভাষণ প্ৰসংগত উপায়ুক্তগৰাকীয়ে কয় যে, "আজাদী কা অমৃত মহোৎসৱৰ সময়তেই চৰাইদেউত পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ মুকলি কৰিব পৰাটো জিলাবাসীৰ বাবে অতি সুখৰ খবৰ। এতিয়াৰেপৰা অতিশয় পুষ্টিহীনতাত ভোগা শিশুসকলক ইয়াত ভৰ্তি কৰি সুস্থ কৰিব পৰা যাব।" 

সভাত ভাষণ দি সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যাণ বিষয়া জাহ্নৱী গোস্বামীয়ে কয় যে, " দীৰ্ঘদিন ধৰি জিলা সমাজ কল্যাণ বিভাগে পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰ এটাৰ অভাৱ অনুভৱ কৰি আহিছিল। অতিশয় পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা হ্ৰাস কৰিবলৈ এতিয়াৰেপৰা বিভাগে এটা সুবিধা লাভ কৰিছোঁ।"

উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ত পৰিপুষ্টি পুনৰসংস্থাপন কেন্দ্ৰত চাৰিখন বিচনাৰ ব্যৱস্থা কৰা হৈছে যদিও পৰৱৰ্তী পৰ্যায়ত আৰু অধিক বিচনাৰ ব্যৱস্থা কৰাৰ থল আছে। এই কেন্দ্ৰটো জিলা অসামৰিক চিকিৎসালয়ৰ দ্বিতীয় মহলাত স্থাপন কৰা হৈছে । 

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধক অভিজিত শৰ্মাই আঁত ধৰা সভাখনত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৌফিক হুছেইন, জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ সোণালী চেতিয়ায়ো বক্তব্য ৰাখে। সভাত জিলা প্ৰতিষেধক বিষয়া ডাঃ সুনীল কুমাৰ হাজং, শিশু বিশেষজ্ঞ ডাঃ ৰিহানুদ্দিন শ্বেখ, পোষণ অভিযানৰ জিলা সমন্বয়ক দ্বীপেন বৰুৱাৰ লগতে কেইবাগৰাকীও স্বাস্থ্যকৰ্মী উপস্থিত থাকে।