দেশ স্বাধীনতা লাভ কৰা ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশজুৰি পালন কৰি আছে আজাদি কা অমৃত মহোৎসৱ, ৰূপায়ণ কৰিছে ঘৰে ঘৰে ত্রিৰংগা। ১৩ আগষ্ট পৰা ঘৰে ঘৰে, অনুষ্ঠান প্ৰতিষ্ঠানত ৰাষ্ট্ৰীয় পতাকা ধুমধামে আজাদি কা অমৃত মহোৎসৱ পালন কৰিছে প্ৰতিগৰাকী ভাৰতীয়ই। 

দেশৰ গৌৰৱ ৰাষ্ট্ৰীয় পতাকা তিনিটা ৰঙে ৰঙীন কৰি তুলিছে আকাশ বতাহ।

ভাৰতবৰ্ষৰ ৭৬সংখ্যক স্বাধীনতা দিৱসৰ লৈ উৎসৱমুখৰ হৈ থকাৰ মাজতে নুমলীগড়ৰ এজন যুৱকে বাঁহেৰে তৈয়াৰ কৰা তিনি বৰণীয়া জাতীয় পতাকাই দেশ প্ৰেমৰ অন্য এক নিদৰ্শন ডাঙি ধৰিছে।বাঁহেৰে তৈয়াৰ কৰা পতাকা চাবলৈ ভিৰ কৰিছে ভিন্নজনে। নুমলীগড়ৰ পুৰাবঙলাৰ নিবাসী ধৰ্মেশ্বৰ আচন নামৰ চাহ বাগিচাৰ এজন যুৱকে নিজৰ কূটীৰশিল্প কলাৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।বিশেষকৈ নিজৰ সৃষ্টি ৰাজিৰে বাঁহ কাটি ৰং তুলিকাৰে নিখুঁতকৈ সৃষ্টি কৰিছে আমাৰ গৌৰৱ জাতীয় পতাকাখন। ধৰ্মেশ্বৰ আচনে বাঁহেৰে তৈয়াৰ কৰা জাতীয় পতাকাখনে ব্যাপক চৰ্চা লাভ কৰিছে।নুমলীগড় এই সৃষ্টিশীল যুৱকজনৰ হাতত প্ৰাণ পাই উঠা ৰাষ্ট্ৰীয় পতাকাখন দেশৰ ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত এক নতুন মাত্ৰা প্ৰদান কৰিছে।