মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত আজি উন্মোচন কৰা হৈছে এহেজাৰ আদৰ্শ অংগণৱাড়ী কেন্দ্ৰ।

স্বাধীনতা দিৱসৰ আগমুহূৰ্তত আজাদী কা অমৃত মহোৎসৱৰ কাৰ্যসূচী হিচাপে ছিপাঝাৰতো উন্মোচন কৰা হ'ল ৬ টা আদৰ্শ অংগণৱাড়ী কেন্দ্ৰ।

উন্মোচন কৰে মংঙলদৈ লোকসভাৰ সাংসদ দিলীপ কুমাৰ শইকীয়া আৰু স্থানীয় বিধায়ক পৰমানন্দ ৰাজবংশীয়ে।

আটাইকেইটা কেন্দ্ৰ উন্মোচনৰ সময়ত উপস্থিত থাকে দৰঙৰ উপায়ুক্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জিলা সমাজ কল্যাণ বিষয়া আৰু ছিপাঝাৰৰ খণ্ড উন্নয়ন বিষয়াগৰাকী।