ঢকুৱাখনা মহকুমাৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ৰংগভূমি'ৰ উদ্যোগত এইবাৰ তিনি ঠাইত ২০ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন শিশুনাট কৰ্মশালা সফলতাৰে সামৰণি পৰে।ৰংগভূমি'ৰ উদ্যোগত সাপতীয়া আঞ্চলিক উৎসৱ সমিতি আৰু ঘাৰমৰা নাট্য সংঘৰ সহযোগত সাপতীয়া আঞ্চলিক ৰাজহুৱা ভৱনত ২৪ আৰু ২৫ জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা শিশুনাট প্ৰথমদিনা কাৰ্যসূচী দেওবাৰে সামৰণি পৰে। শিশুসকলৰ নৃত্য আৰু উৎকৃষ্ট অভিনয়ত মুগ্ধ হয় উপস্থিত ৰাইজৰ। শিশুসকলৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, সামাজিক দিশত প্ৰতিভা বিকাশৰ লগতে নাটকৰ জৰিয়তে লাজ,ভয়,সংকোচ, শংকাৰ দূৰ কৰি নিজকে সমাজত এজন সচেতন ব্যক্তি হিচাবে গঢ়ি তোলাই হৈছে এই কৰ্মশালাৰ মুখ্য উদ্দেশ্য।

 #বাতৰি যুগুতালে হৰিপ্ৰসাদ চুতীয়াই