শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা এক যুগান্তকাৰী পদক্ষেপৰ অংশ ৰূপেই আজি বিশ্বনাথ জিলাতো ৩৫ টা আদৰ্শ অংগনবাড়ী কেন্দ্ৰ একেদিনাই শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ হস্ততাত আৰু বস্ত্ৰ, ভূমি সংৰক্ষণ আৰু বড়োলেও কল্যাণ দপ্তৰৰ মন্ত্রী

উৰ্খাও গৌৰা ব্ৰহ্মই বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপস্থিতিত জিলাখনৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ তিনিটা অংগনবাড়ী কেন্দ্ৰ ক্ৰমে গেৰুৱাবাৰী আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ, নীলপুৰ চাহ বাগিছা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ আৰু সৎসংগ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। বিশ্বনাথৰ আৰক্ষী অধীক্ষক নবীন সিং, অতিৰিক্ত উপায়ুক্ত (সমাজ কল্যাণ) লিজা তালুকদাৰ, সহকাৰী আয়ুক্তদ্বয় অনন্যা লহকৰ আৰু কংকনা শইকীয়া, বিশ্বনাথ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মাধুৰ্য্য কুমাৰ পৰাশৰ, বিশ্বনাথ জিলা ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া জ্যোতিষ বৰুৱা, জিলা পোষন অভিযান, পি এম এম ভি ৱাই, মুখ্য সেৱিকা তথা অংগনৱাড়ী কৰ্মী সহায়িকা সকল উপস্থিত থকা এই উদ্বোধনী অনুষ্ঠানত আদৰ্শ কেন্দ্ৰ সমুহ শুভ উদ্বোধন কৰি কেবিনেট মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰসমুহৰ খেলা আৰু শিকন সামগ্ৰী পৰীক্ষা কৰে শিশু সকলৰ লগত মত বিনিময় কৰে। উল্লেখ্য যে সমগ্ৰ দেশৰ ভিতৰতে এই আঁচনিখন হৈছে এক প্রথম প্রচেষ্টা আৰু প্রত্যেকটো অংগনবাড়ী কেন্দ্ৰ ২৫ লাখ টকাৰে নিৰ্মিত হৈছে। তথ্য অনুসৰি জিলাখনৰ অন্তৰ্গত বিহালী বিধান সভা সমষ্টিত ১১টা, বিশ্বনাথ বিধানসভা সমষ্টিত ১০টা আৰু গহপুৰ বিধানসভা সমষ্টিত ১০টা আৰু চতিয়া বিধানসভা সমষ্টিত ৪টা এনে আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবে শুভ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ কেবিনেট মন্ত্রী উৰ্খাও গৌৰা ব্ৰহ্মৰ উপৰিও সমষ্টি অনুসৰি আজি অন্যান্য আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ সমুহ শুভ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, অতিৰিক্ত উপায়ুক্তদ্বয় কুলেন শৰ্মা আৰু ড০ সুৰ্যকমল বৰা, নিৰ্বাচনী বিষয়া দেবাশীষ গোস্বামী, জিলা পৰিষদৰ সদস্য, গাওঁ পঞ্চায়তৰ সভাপতি প্ৰমুখ্যে জিলা প্ৰশাসনৰ বিষয়া আৰু জনপ্ৰতিনিধিসকলে।