মঙলদৈ,১১ জুলাই: ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে আজি দৰঙতো বিশ্ব জনসংখ্যা দিৱস উদযাপনৰ লগতে পষেকজোৰা অভিযানৰ শুভাৰম্ভণি কৰা হয়। খাৰুপেটীয়া মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই কাৰ্য্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰে দৰং জিলাৰ আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত গৰাকীয়ে কয় যে,জনসংখ্যা বাঢ়িছে, কিন্তু আমাৰ মাটিকালি একেই আছে। সীমিত ভূমি সম্পত্তিৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ হেঁচা পৰিছে। জনসংখ্যা বৃদ্ধিয়ে প্ৰাকৃতিক ভাৰসাম্যতাৰ ওপৰত প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰি জিলা আয়ুক্ত গৰাকীয়ে কয় যে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতি আছে আৰু জনসাধাৰণে ইয়াক গ্ৰহণ কৰিব লাগে। তেওঁ লগতে পৰিয়াল পৰিকল্পনাৰ বিভিন্ন পদ্ধতি সন্দৰ্ভত জনসাধাৰণক সজাগ কৰি সেইসমূহ প্ৰয়োজন অনুসৰি প্ৰদান কৰিবলৈ স্বাস্থ্যকৰ্মীৰ সকলৰ প্ৰতি আহ্বান জনায়। এই সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য, মুখ্য স্বাস্থ্য আৰু চিকিৎসা বিষয়া (অ-সংক্ৰামক ৰোগ) ডাঃ দিল্লীৰাম অধিকাৰী, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মৌচুমী কলিতা সাহাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়। উল্লেখ্য যে আজিৰ এই শুভ উদ্ধোধনী সভাখনত স্বাস্থ্য আৰু আন সংশ্লিষ্ট বিভাগৰ বিষয়া-কৰ্মচাৰীসহ শতাধিক লোকে অংশগ্ৰহন কৰে। স্মৰ্তব্য যে বিশ্ব জনসংখ্যা দিৱস আৰু অভিযানৰ অংশ হিচাবে ২৭ জুনৰ পৰা ১০ জুলাইলৈকে জিলাখনত বিভিন্ন সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। আনহাতে আজিৰ পৰা ২৪ জুলাইলৈকে পৰিয়াল পৰিকল্পনাৰ পদ্ধতিসমূহ প্ৰয়োজন অনুসৰি সকলো স্বাস্থ্যকেন্দ্ৰতে প্ৰয়োজনীয়সকলক প্ৰদান কৰাৰ লগতে আশাকৰ্মী সকলে ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ সামগ্ৰী প্ৰদান কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
लोकसभा चुनाव में ‘मन’ से काम नहीं करने वाले मंत्री-विधायकों का रिपोर्ट कार्ड तैयार
राजस्थान में लोकसभा चुनाव खत्म हो चुके हैं। इसके बाद अब लोकसभावार भाजपा यह आकलन करने में जुटी है...
रत्नागिरीत कचरा टाकणाऱ्यांवर करडी नजर; प्रशासनाचा निर्णय
रत्नागिरी : सध्या रस्त्याच्या शेजारी गुपचूपपणे कचरा टाकणाऱ्यांची संख्या वाढत आहे. विशेषतः शहरालगत...
કોણ કહે છે ગુજરાતમાં ઠંડી શરૂ થશે! એકાએક દ્વારકામાં શરૂ થયો ધોધમાર વરસાદ, જાણો શું કહે છે આગાહી?
રાજ્યમાં બેવડી ઋતુની અસર અનુભવાઈ રહી છે. ત્યારે રાજ્યમાં ફરી એકવાર વાતાવરણમાં પલટો આવ્યો છે....
REPUBLIC DAY NAZIRA নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন। নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় গণৰাজ্য দিৱস।
সমগ্ৰ দেশৰ লগতে আজি নাজিৰা সমজিলাতো দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয়। নাজিৰা সমজিলা...
વરસાણી ગામના યુવકે ઝેરી દવા પી જિંદગી ટુંકાવી: પત્ની અન્ય યુવક સાથે ભાગી જતાં અંતિમ પગલું ભર્યું
સુરેન્દ્રનગર જિલ્લાના લખતર તાલુકાના વરસાણી ગામે રહેતા 26 વર્ષીય યુવકની પત્ની અન્ય યુવક સાથે ફરાર...