ৰাজ্য চৰকাৰে ১৯৪৭ চনৰ দেশ বিভাজনৰ বিভীষিকাময় পৰিস্থিতিত মৃত্যুবৰণ কৰিবলগীয়া হোৱা আৰু নিজৰ শিপাৰ পৰা বিচ্ছিন্ন হৈ পৰা লোকসকলৰ স্মৃতি সুঁৱৰি প্ৰতি বছৰে ১৪ আগষ্টৰ দিনটো "বিভাজন বিভীষিকা স্মৃতি দিৱস" হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছে । সেই উদ্দেশ্যে আজি অহিংসা, একতা, শান্তি আৰু সম্প্ৰীতিৰ বাণীৰে গোলাঘাটতো এই দিৱস পালন কৰা হয়। । এই উপলক্ষে গোলাঘাট জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত স্মৃতি দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে  অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী তথা গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত । 

ইফালে ধনশিৰি নদীত ডুবি মৃত্যু হোৱা  NRL ৰ অভিযন্তা গোলাঘাটৰ ৰক্তিম বৰুৱা ৰক্তিম বৰুৱাৰ ১০ বছৰীয়া সন্তান আৰিয়ানক ধনশিৰি নদীৰ বুকুৰ পৰা উদ্ধাৰ কৰা দুই সাহসী কণমানি গোপাল গধুৱা আৰু প্ৰশান্ত তাঁতীক আজি স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সাহসিকতাৰ বটাৰে সন্মানিত কৰা হয়। 

অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত দুয়োকে সাহসীকতাৰ সন্মান প্ৰদান কৰা হয়।
 উল্লেখ্য যে অভিযন্তা ৰক্তিম বৰুৱাই পৰিয়াল সহ ২০২১ চনৰ ১৪ ডিচেম্বৰত থুৰামুখৰ ধনশিৰি নদীৰ কাষত বনভোজ খাবলৈ গৈছিল। তেওঁলোকে খেলি থকা এটা বল নদীৰ সোঁতত উটি যোৱাত আনিবলৈ চেষ্টা কৰোঁতে নদীৰ গভীৰতাত সোমাই ৰক্তিম বৰুৱাৰ মৃত্যু হৈছিল। পিতৃৰ পিছে পিছে বল আনিবলৈ গৈ নদীত সোমাই পৰিছিল ১০ বছৰীয়া কণমানি আৰিয়ান। আৰিয়ানৰ মৰণ কাতৰ চিঞৰ শুনি দৌৰি আহি নদীৰ বুকুত জাপ দি কণমানিটিক উদ্ধাৰ কৰিছিল গোপাল আৰু প্ৰশান্তই ।  দুই কণমানিক সেই সাহসৰ বাবেই আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে জিলা উপায়ুক্ত কাৰ্য্যালয়ত সাহসীকতাৰ বটাৰে সন্মানিত কৰা হয়।