ছিপাঝাৰৰ দুমুনিচকীত হাতৰ আখৰ আৰু চিত্ৰাংকন কৰ্মশালা ।
ছিপাঝাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত দুমুনিচকী মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ত শুক্ৰবাৰৰ পৰা তিনিদিনীয়া গ্ৰীম্মকালীন কৰ্মশালা ।
কৰ্মশালা উদ্বোধন কৰে মাৰুৱাচকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মধুৰামোহন নাথে।
তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজতঅনুষ্ঠিত হয়
কৰ্মশালাখন ।
হাতৰ আখৰ আৰু চিত্ৰাংকন কৰ্মশালাত সমলব্যক্তি হিচাপে উপস্থিত থাকে চিত্ৰদ্বীপ আৰ্ট স্কুলৰ অধ্যক্ষ চোহৰাবুদ্দিন চৌধুৰী।
অনুষ্ঠানটোত উপস্থিত থাকে দুমুনিচকী মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক নাজিজুল হক, শিক্ষক ইনামুল হক,জহিৰুদ্দিন আহমেদ ,বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মাহতাবুদ্দিন হাজৰিকা আৰু নজৰুল হক।