মাজুুলীৰ গোবিন খাউণ্ড আৰু সংগী বিন্দৰ দিহানাম ৷

মাজুলীৰ বিভিন্ন স্থানত বা উৎসৱ পাৰ্বনত এই দিহানামৰ দলটিয়ে আধ্যাত্মিক চিন্তাৰ সঞ্চাৰ কৰি আহিছে ৷ দলটোৱে দিহা নাম, টোকাৰী গীত আদি পৰিৱেশন কৰি মাজুলীৰ ৰাইজৰ আদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বহু লোকে নিজ নিজ গৃহলৈও এই দিহানামৰ দলটিক আমন্ত্ৰণ জনাই আৰ্শীবাদ লৈ আহিছে ৷