গোলাঘাট জিলাৰ পূব উন্নয়ন খণ্ড, পদুমনিৰ অন্তৰ্গত বৰকছাৰী গাঁৱক অসম চৰকাৰে আফ্ৰিকান ছোৱাইন ফ্লুৰ অভিকেন্দ্ৰ হিচাপে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ কুলদীপ হাজৰিকাই ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

সেই অনুসৰি গোলাঘাট জিলাৰ দৈনিক-সাপ্তাহিক বজাৰসমূহকে ধৰি কোনো ঠাইত গাহৰি, গাহৰিৰ পোৱালী, গাহৰিৰ মাংস আৰু অন্য গাহৰিৰ মাংসৰ পৰা প্ৰস্তুত কৰা সামগ্ৰীৰ বিক্ৰী নিষিদ্ধ ঘোষণা কৰা হৈছে।

ৰাষ্ট্ৰীয় ঘাইপথৰ বাহিৰে গাহৰিৰ মাংস আৰু গাহৰিৰ পোৱালী জিলাখনৰ ভিতৰত অথবা আন্তঃজিলা সৰবৰাহত নিষিদ্ধ কৰা হৈছে।

পথ, পথাৰ আৰু ব্যক্তিগত অথবা ৰাজহুৱা আন মুকলি ঠাইত গাহৰি আৰু গাহৰিৰ পোৱালী চৰি ফুৰাতো আৰোপ কৰা হৈছে নিষেধাজ্ঞা।

আজিৰ পৰা ২২ আগষ্টলৈকে কাৰ্যকৰী হোৱাকৈ এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই নিৰ্দেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হয়।