ঢকুৱাখনা-মাজুলীৰ সীমান্তৰ তাকাৰ চুকত ব্ৰহ্মপুত্ৰৰ প্ৰবল গড়াখহনীয়া অব্যাহত থকাত চিচি টেকেলিফুটা মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে।দৈনিক চপৰা চপৰে গৰা খহিয়েই থকাত বহু কৃষকৰ খেতিৰ মাটি ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে বিঘাই বিঘাই।ইফালে মথাউৰিৰ বাহিৰত বাস কৰি থকা লোকসকলো চিন্তিত হৈ পৰিছে খহনীয়াৰ ৰূপ দেখি।খহনীয়া অব্যাহত থকা এলেকাত জলসম্পদ বিভাগে কিছুমান পকী পাকুপাইন স্থাপন কৰিছে যদিও একোৱে কামত অহা নাই ,খহনীয়া চলিয়েই আছে আজি পৰ্যন্ত। দীৰ্ঘ দিনৰ পৰা স্থানীয় ৰাইজে প্ৰশাসনক বিজ্ঞানসন্মতভাৱেথ খহনীয়া ৰোধৰ বাবে দাবী জনাই অহাৰ পিছতো জলসম্পদ বিভাগে পালমৰা কাম কৰি অহাৰ অভিযোগ উথাত লখিমপুৰ জিলাৰ উপায়ুক্ত ড০ সুমিত সত্তৱান ঢকুৱাখনাত উপস্থিত হৈ চিচি-টেকেলিফুটা মথাউৰিৰ তাকাৰচুকত গৈ খহনীয়াৰ কালৰূপ প্ৰত্যক্ষ কৰে।লগতে খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে ৰূপায়ন কৰা কামৰ নমুনাও পৰিদৰ্শন কৰে।পাকুপাইন দিয়াৰ পিছতো উপায়ুক্তগৰাকীৰ চকুৰ সন্মুখতে চপৰা,চপৰে গৰা খহি পৰাত জলসম্পদ বিভাগৰ বিষয়া-অভিযন্তাক ভালদৰে খহনীয়া ৰোধৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে জিলা উপায়ুক্তজনে।

উপায়ুক্তজনে খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত তেওঁক সংগ দিয়ে অতিৰিক্ত উপায়ুক্ত তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা,বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া,ঢকুৱাখনা জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা,মণ্ডল বিজেপিৰ সভাপতি সুনীল দলে,জিলা যুৱ মৰ্চাৰ সভাপতি বিকোদৰ দাস,সম্পাদক মিগম দলেকে আদি কৰি ভালে সংখ্যক লোকে।

( বাতৰি যুগুতালে ৰাজীৱ বৰুৱাই )