যিটো সময়ত অসমৰ কৃষকৰ মাজত খেতিৰ প্ৰতি আগ্ৰহ নোহোৱা হৈছে, শ শ বিঘা মাটি চন পৰি ৰৈছে , সেই সময়তে মৰাণৰ খোৱাঙত সেউজীয়া খেতি পথাৰৰ মাজে মাজে ঘূৰি ফুৰিছে আফ্ৰিকা মহাদেশৰ এজন ২৮ বছৰীয়া যুৱক । ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অৰ্থনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ মহলত  অধ্যয়নৰ বাবে অহা ছাত্ৰজনে অসমৰ খেতি চাবলৈ খোৱাঙত আহি উপস্থিত হয় । একাঠু বোকা গচকি সেউজীয়া হৈ পৰা পথাৰবোৰ এফালৰ পৰা চাই গৈছে যুৱকজনে । "জাঙা এমানুল অ'ৰী" নামৰ যুৱকজনৰ ঘৰ  আফ্ৰিকাৰ মালি দেশত । খোৱাঙত উপস্থিত হৈ  যুৱকজনে খেতিৰ লগতে অসমৰ প্ৰাকৃতিক দৃশ্য দেখি আপ্লুত হৈ পৰে । কেৱল খেতি চোৱাই নহয়, যুৱকজনে গাঁ‌ৱৰ ৰাইজৰ সৈতে জাকৈ লৈ মাছো ধৰিলে।

খেতি ভাল পোৱা যুৱকজনে নৱ প্ৰজন্মক খেতিত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছে। যুৱকজনে কয় যে খেতিয়ে আমাৰ ইখন দেশৰ লগত সিখন দেশৰ সম্বন্ধ বিলাক গঢ়ি তোলে। সেয়ে আমি প্ৰথমে খেতিক গুৰুত্ব দিব লাগে। আফ্ৰিকাৰ মালি দেশত চাকৰি পোৱাটো বৰ কঠিন। তাৰ বেছি সংখ্যক লোকেই ধান, কপাহ আদি খেতি কৰি জীৱন নিৰ্বাস কৰে।

ভাষা, প্ৰাকৃতিক পৰিৱেশ বিলাক মিল নাথাকিলেও খেতি পথাৰ সমূহ অসমৰ সৈতে প্ৰায় মিল আছে বুলি যুৱকজনে জানিবলৈ দিয়ে। ২০২১ চনৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত যুৱকজন তেওঁৰ নিজ দেশৰ এজন শিক্ষক বুলিও জানিবলৈ দিয়ে ।